Skip to content

ASSAMESE LANGUAGE AND LITERATURE QUIZ অসমৰ ভাষা আৰু সাহিত্যৰ কুইজ

১) প্ৰশ্ন : অসমীয়া ভাষাটো ভাৰতীয় কোন গোষ্ঠীৰ ভাষা?

উত্তৰ : আৰ্য।

২) প্ৰশ্ন : পশ্চিম অসমত অসমীয়া ভাষাটো কি ভাষাৰুপে পৰিগণিত?

উত্তৰ : কামৰুপী।

৩) প্ৰশ্ন : শ্ৰী মন্ত শংকৰদেৱে তেখেতৰ নাট সমূহ লিখোতে কি ভাষা ব্যৱহাৰ কৰিছিল?

উত্তৰ : ব্ৰজাৱলী।

৪) প্ৰশ্ন : কোন চনত কোনে অসমীয়া ভাষাক অসমত নতুনকৈ প্ৰতিষ্ঠিত কৰিছিল?

উত্তৰ : ১৮৭২ চনত , চাৰ জৰ্জ কেম্পবেলে।

৫) প্ৰশ্ন : ছেক্সপীয়েৰৰ কোনখন নাট অসমীয়ালৈ অনূদিত প্ৰথম নাট?

উত্তৰ : কমেদী অৱ এৰৰ্চ।

৬) প্ৰশ্ন : কোন চনত আইন মতে অসমীয়া ভাষা ৰাজ্যিক চৰকাৰী ভাষা হিচাপে পৰিগণিত হয়?

উত্তৰ : ১৯৬০ চনত।

৭) প্ৰশ্ন : অসমীয়া চুটি গল্পৰ ‘পিতৃস্বৰুপ’ কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৮) প্ৰশ্ন : ১৯৯০ চনত কাৰ দ্বাৰা ৰচিত কোনখন উপন্যাস হৈছে প্ৰথম অসমীয়া উপন্যাস?

উত্তৰ : পদ্মনাথ গোহাঞি বৰুৱা, ভানুমতী।

৯) প্ৰশ্ন : শংকৰদেৱৰ দ্বাৰা উদ্ভাৱিত এক অংকযুক্ত নাটসমূহক কি নাট বোলা হয়?

উত্তৰ : অংকীয়া নাট।

১০) প্ৰশ্ন : সাহিত্য একাডেমী বঁটা লাভ কৰা কোনখন পুথি প্ৰথম অসমীয়া পুথি?

উত্তৰ : বনফুল।

১১) প্ৰশ্ন : ৰাজ্যখনৰ মুঠ কিমান শতাংশতকৈও অধিক লোকে অসমীয়া ভাষা কয়?

উত্তৰ : ৬০ শতাংশতকৈ অধিক।

১২) প্ৰশ্ন : প্ৰথম অসমীয়া অভিধানখন কিমান চনত কোনে ৰচিত আৰু প্ৰকাশিত কৰিছিল?

উত্তৰ : ১৮৬৭ চন, মাইলছ ব্ৰনছনে।

১৩) প্ৰশ্ন : প্ৰথম অসমীয়া গদ্য সংকলন ‘কথা গীতা’ৰ ৰচক কোন?

উত্তৰ : ভট্টদেৱ।

১৪) প্ৰশ্ন : আনন্দৰাম ঢেকিয়াল ফুকনৰ দ্বাৰা ৰচিত কোন খন পুথি অসমীয়া ভাষাৰ প্ৰথম পাঠ্যপুথি?

উত্তৰ : অসমীয়া ল’ৰাৰ মিত্ৰ।

১৫) অসমীয়া ভাষা লিখনিত শ্বৰ্ট হেণ্ড (Short Hand) পদ্ধতি প্ৰৱৰ্তন কৰা প্ৰথম ব্যক্তিজনৰ নাম কি?

উত্তৰ : ফণী শৰ্মা।

১৬) প্ৰশ্ন : অসম সাহিত্য সভাই প্ৰকাশ কৰা প্ৰথম অসমীয়া অভিধান খনৰ নাম কি?

উত্তৰ : চন্দ্ৰকান্ত অভিধান।

১৭) প্ৰশ্ন : অসমৰ মুখ্য ভাষা কি?

উত্তৰ : অসমীয়া।

১৮) প্ৰশ্ন : হিন্দী ভাষালৈ অনূদিত প্ৰথম অসমীয়া কিতাপ খনৰ নাম কি?

উত্তৰ : চিত্ৰ ভাগৱত।

১৯) প্ৰশ্ন : অসমীয়া ভাষা – সাহিত্যৰ ‘পিতৃ’ কোন?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

২০) প্ৰশ্ন : অসমীয়া চুটি গল্পৰ জনক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

২১) প্ৰশ্ন : সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া কাব্যগ্ৰন্থ ‘বনফুল’ (১৯৫৫) ৰ ৰচক কোন?

উত্তৰ : যতীন্দ্ৰ নাথ দুৱৰা।

২২) প্ৰশ্ন : ‘উত্তৰাকাণ্ড ৰামায়ণ’ৰ অসমীয়া অনুবাদ কোনে কৰিছিল?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱে।

২৩) প্ৰশ্ন : ‘শোণিত কুঁৱৰী’ নাটক খনৰ লেখক কোন?

উত্তৰ : ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা।

২৪) প্ৰশ্ন : অসমীয়া ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উন্নতিৰ বাবে গঠিত সংস্থাটোৰ নাম কি?

উত্তৰ : অসম সাহিত্য সভা।

২৫) প্ৰশ্ন : ‘ৰামায়ণ’ কোনে অসমীয়ালৈ অনুবাদ কৰিছিল?

উত্তৰ : মাধৱ কন্দলী।

২৬) প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘ৱাল্টাৰ স্কট’ বুলি কাক আখ্যা দিয়া হয়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

২৭) প্ৰশ্ন : প্ৰায় সমগ্ৰ ‘মহাভাৰত’ কোনে অসমীয়াত ৰচনা কৰিছিল?

উত্তৰ : ৰাম সৰস্বতী।

২৮) প্ৰশ্ন : ‘গ্ৰামাটিকেল নোটছ অৱ দ্য আছামিজ লেংগুৱেজ’ নামৰ পুথিখন কোনে ৰচনা কৰিছিল?

উত্তৰ : নাথান ব্ৰাউন।

২৯) প্ৰশ্ন : অনাতাঁৰ যোগে সম্প্ৰচাৰ হোৱা অসমীয়া ভাষাৰ প্ৰথম নাট খনৰ নাম কি?

উত্তৰ : বীণ বৰাগী।

৩০) প্ৰশ্ন : অসমীয়া ভাষাত বৰ্তমানলৈকে সৰ্বাধিক সংখ্যক কিতাপ লিখা সাহিত্যিক গৰাকী কন?

উত্তৰ : ৰঞ্জু হাজৰিকা।

৩১) প্ৰশ্ন: বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ গুৰু সকলৰ জীৱনীৰ ওপৰত ৰচিত এক শ্ৰেণীৰ সাহিত্য পুথি সমূহক অসমীয়া ভাষাত কি বুলি জনা যায়?

উত্তৰ : চৰিত পুথি।

৩২) প্ৰশ্ন : সংগীত সাধনাৰ ক্ষেত্ৰত প্ৰথম অসমীয়া পুথি খনৰ নাম কি?

উত্তৰ : সংগীত কোষ (লক্ষ্মীনাথ বেজবৰুৱা)।

৩৩) প্ৰশ্ন : ইতিহাসৰ আন এটা নাম কি?

উত্তৰ : বুৰঞ্জী।

৩৪) প্ৰশ্ন : অসমীয়া ভাষাৰ প্ৰকৃত গদ্য সাহিত্যৰ জন্মদাতা কোন?

উত্তৰ : ভট্টদেৱক।

৩৫) প্ৰশ্ন : অসমীয়াৰ উপৰিও অসমত সৰ্বাধিক প্ৰচলিত ভাৰতীয় ভাষা কেইটা কি কি?

উত্তৰ : হিন্দী, ইংৰাজী, বঙালী, বড়ো, কাৰ্বি ইত্যাদি।

৩৬) প্ৰশ্ন : প্ৰথম প্ৰথম অসমীয়া ছপা কৰা পুথি খনৰ নাম আৰু প্ৰকাশৰ চনটো কি?

উত্তৰ : ‘ধৰ্ম-পুস্তক’, ১৮১৩ৱ চনত।

৩৭) প্ৰশ্ন : অসমীয়া ভাষাৰ উৎপত্তি কেতিয়া হৈছিল?

উত্তৰ : খ্ৰীষ্টীয় নৱম-দশম শতিকাত।

৩৮) প্ৰশ্ন : জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি কোন কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী।

৩৯) প্ৰশ্ন : অসমীয়া ভাষাত প্ৰথম প্ৰকাশিত ‘ডাইজেষ্ট’ আলোচনী খনৰ নাম কি?

উত্তৰ : তফজ্জুল আলি সম্পাদিত ‘সংগম’।

৪০) প্ৰশ্ন : অসমীয়া বৈষ্ণৱ সাহিত্যৰ প্ৰধান গ্ৰন্থ কেইখন কি কি?

উত্তৰ : কীৰ্তন ঘোষা, নামঘোষা, দশম আৰু ভক্তি ৰত্নাকৰ।

৪১) প্ৰশ্ন : ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ প্ৰথম অধিবেশন ক’ত আৰু কেতিয়া হৈছিল?

উত্তৰ : ১৮৮৮ চনৰ ২৫ আগষ্টত ৬৭ নং মিৰ্জাপুৰ ষ্ট্ৰীট (বৰ্তমান সূৰ্যসেন ষ্ট্ৰীট), কলিকতা (বৰ্তমান ক’লকাতা) – ৯ ত হৈছিল।

৪২) প্ৰশ্ন : কোনে প্ৰথম অসমীয়া ভাষাত সাধুকথাৰ পুথি ৰচনা কৰে?

উত্তৰ : ১৮৫০ চনত এলিজা ব্ৰাউনে।

৪৩) প্ৰশ্ন : প্ৰাক-শংকৰী যুগৰ কবি সকলৰ নাম কি কি?

উত্তৰ : হেম সৰস্বতী, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী, হৰিহৰ বিপ্ৰ আৰু মাধৱ কন্দলী।

৪৪) প্ৰশ্ন : কোনে, কেতিয়া বিষ্ণুপ্ৰসাদ ৰাভাক ‘কলাগুৰু’ উপাধি প্ৰদান কৰিছিল?

উত্তৰ : কাশী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য সৰ্বপল্লী ৰাধাকৃষ্ণণ মেননে, ১৯৪০ চনত।

৪৫) প্ৰশ্ন : ‘ধন্য নৰ তনু ভাল’ নামৰ পুথি খন কোনে ৰচনা কৰিছিল?

উত্তৰ : শংকৰদেৱৰ জীৱনৰ ওপৰত ভিত্তি কৰি ছৈয়দ আব্দুল মালিকে এই উপন্যাস খন ৰচনা কৰিছিল।

৪৬) প্ৰশ্ন : অসমীয়া ভাষা কোনবোৰ ভাষাৰ সমন্বয়ৰ ফলত গঢ় লৈ উঠিছিল?

উত্তৰ : মাগধী, প্ৰাকৃত, আৰ্যোত্তৰ ভাষাসমূহ, জনজাতীয় ভাষা, ইংৰাজী, স্পেনিছ, ওলন্দাজ, পাৰ্ছী, আৰবী আদি বিদেশী ভাষা সমূহৰ সমন্বয়ৰ ফলত অসমীয়া ভাষা গঢ় লৈ উঠিছিল।

৪৭) প্ৰশ্ন : ‘কীৰ্তন-ঘোষা’ আৰু ‘নামঘোষা’ ৰ ৰচক কোন?

উত্তৰ : মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষা আৰু মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল।

৪৮) প্ৰশ্ন : পূৰ্বতে আহোম সকল কোন ভাষা গোষ্ঠীৰ অন্তৰ্ভূক্ত আছিল?

উত্তৰ : পূৰ্বতে আহোম সকল টাই ভাষাৰ অন্তৰ্ভূক্ত আছিল।

৪৯) প্ৰশ্ন : অসমীয়া ভাষা উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱা দুজন মিছনেৰীৰ নাম কি কি?

উত্তৰ : তেওঁলোক হ’ল মাইলছ ব্ৰনছন আৰু নাথান ব্ৰাউন।

৫০) প্ৰশ্ন : মামণি ৰয়চম গোস্বামীৰ জন্ম কেতিয়া হৈছিল?

উত্তৰ : ১৮৪২ চনৰ ১৪ নৱেম্বৰত।

৫১) প্ৰশ্ন : মামণি ৰয়চম গোস্বামীয়ে কেতিয়া ‘জ্ঞানপীঠ বঁটা’ অৰ্জন কৰিছিল?

উত্তৰ : ২০০০১ চনত।

৫২) প্ৰশ্ন : অসমৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ৰ প্ৰতিস্থাপক সম্পাদক কোন আছিল?

উত্তৰ : নাথান ব্ৰাউন।

৫৩) প্ৰশ্ন : ‘সাহিত্যৰথী’ নামেৰে জনাজাত অসমৰ প্ৰখ্যাত সাহিত্যিক জনৰ নাম কি?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৫৪) প্ৰশ্ন : অসমৰ ‘অ’ মোৰ আপোনাৰ দেশ’ নামৰ জাতীয় সঙ্গীতটোৰ ৰচক কোন?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

৫৫) প্ৰশ্ন : কাক ১৯৫৮ চনত ‘পদ্মশ্ৰী’ আৰু ১৯৬৭ চনত ‘অলকানন্দা’ৰ বাবে সাহিত্য অকাডেমী বঁটা প্ৰদান কৰা হয়?

উত্তৰ : নলিনীবালা দেৱী।

৫৬) প্ৰশ্ন : অসমীয়া ভাষাই কিমান চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৬১ চনত।

৫৭) প্ৰশ্ন : অসামৰ প্ৰথম বাতৰি কাকত ‘অৰুনোদই’ কিমান চনৰ প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৪৬ চনত।

৫৮) প্ৰশ্ন : প্ৰথম অসমীয়া মাহেকীয়া আলোচনী ‘জোনাকী’ প্ৰথমবাৰ কলিকতাৰ (এতিয়াৰ ক’লকাতা) পৰা প্ৰকাশিত হৈছিল?

উত্তৰ : ১৮৮৯ চনত।

৫৯) প্ৰশ্ন : জ্ঞানপীঠ বঁটাৰে সন্মানিত প্ৰথম জন অসমীয়া সাহিত্যিক কোন?

উত্তৰ : বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য।

৬০) প্ৰশ্ন : প্ৰথম ৰেকৰ্ডিং কৰা অসমীয়া নাট খনৰ নাম কি?

উত্তৰ : ৰুক্মিণী হৰণ।

৬১) প্ৰশ্ন : মহাপুৰুষ শংকৰদেৱে কেইখন অংকীয়া নাট লিখিছিল?

উত্তৰ : ছয় খন।

৬২) প্ৰশ্ন : কম্পিউটাৰত কোনে প্ৰথমে অসমীয়া পুথি লিখি উলিয়াইছিল?

উত্তৰ : দিলীপ কুমাৰ দত্ত।

৬৩) প্ৰশ্ন : প্ৰথম অসমীয়া অনূদিত গ্ৰন্থ খনৰ নাম কি?

উত্তৰ : যাত্ৰিকৰ যাত্ৰা।

৬৪) প্ৰশ্ন : কাক ‘অসমীয়া সাহিত্য-সংস্কৃতিৰ জনক’ বুলি কোৱা হয়?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৬৫) প্ৰশ্ন : অসমীয়া দিনপঞ্জীৰ প্ৰথম মাহ কোনটো?

উত্তৰ : ব’হাগ।

৬৬) প্ৰশ্ন : প্ৰথম অসমীয়া ব্যাকৰণ খনৰ নাম কি?

উত্তৰ : অসমীয়া ভাষাৰ ব্যাকৰণ।

৬৭) প্ৰশ্ন : প্ৰথম অসমীয়া সাহিত্যৰ বুৰঞ্জী পুথি খনৰ নাম কি?

উত্তৰ : অসমীয়া সাহিত্যৰ বুৰঞ্জী।

৬৮) প্ৰশ্ন : প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ : দৈনিক বাতৰি।

৬৯) প্ৰশ্ন : প্ৰথম অসমীয়া কবিতা পুথি খনৰ নাম কি?

উত্তৰ : প্ৰহ্লাদ চৰিত।

৭০) প্ৰশ্ন : প্ৰথম অসমীয়া বুৰঞ্জী মূলক উপন্যাস খনৰ নাম কি?

উত্তৰ : ভানুমতী।

৭১) প্ৰশ্ন : প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?

উত্তৰ : অসমীয়া পুথিৰ তালিকা।

৭২) প্ৰশ্ন : প্ৰথম অসমীয়া ছনেট (sonnet) পুথি খন কি?

উত্তৰ : মলাৰ।

Cart
Back To Top
error: Content is protected !!