Skip to content

TRANSPORT AND COMMUNICATION IN ASSAM অসমৰ পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা

১) প্ৰশ্ন : উত্তৰ – পূৱ সীমান্ত ৰেলৱেৰ মুখ্য কায্যালয় ক’ত অৱস্থিত?

উত্তৰ : মালিগাঁও।

২) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত শৰাইঘাট দলঙৰ নক্সা আৰু পৰিকল্পনা কোনে কৰিছিল?

উত্তৰ : শ্ৰী বি. চি. গাংগুলী।

৩) প্ৰশ্ন : ডিব্ৰুগড় ৰেলৱে কৰ্মশালা কোন চনত নিৰ্মান কৰা হৈছিল?

উত্তৰ : ১৮৮১ চনত।

৪) প্ৰশ্ন : শিলচৰৰ বিমান ঘাটি ক’ত অৱস্থিত?

উত্তৰ : কুম্ভীৰগ্ৰাম।

৫) প্ৰশ্ন : অসমৰ প্ৰথম আকাশী জানৰ চালক জন কোন?

উত্তৰ : মহানন্দ দাস।

৬) প্ৰশ্ন : ১৯৬২ চনত ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত শৰাইঘাটৰ দলং উদ্ধোধন কোনে কৰিছিল?

উত্তৰ : জৱাহৰলাল নেহৰু।

৭) প্ৰশ্ন : অসমত কোন চনত নৌ-সেৱা আৰম্ভ হৈছিল?

উত্তৰ : ১৮৪৭ চনত।

৮) প্ৰশ্ন : অসমৰ ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰা ৰাষ্ট্ৰীয় ঘাইপথটো কি?

উত্তৰ : ঘাইপথ নং ৩১।

৯) প্ৰশ্ন : অসমত প্ৰধান ঘাইপথ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

১০) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত প্ৰথম নৌ সেৱাৰ কাম-কাজ কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৩৩ চনত।

১১) প্ৰশ্ন : শৰাইঘাট দলং কোন চনত প্ৰতিষ্ঠিত হৈছিল?

উত্তৰ : ১৯৬৩ চনৰ এপ্ৰিলত।

১২) প্ৰশ্ন : অসমৰ ৰে’লৰ সংযোগ প্ৰকল্প কোন চনত সম্পন্ন কৰা হৈছিল?

উত্তৰ : ১৯৫০ চনত।

১৩) প্ৰশ্ন : অসমত কিমানটা বিমান বন্দৰ আছে?

উত্তৰ : ৬ টা।

১৪) প্ৰশ্ন : অসমত কিমান চনত ৰে’ল লাইন স্থাপন কৰা হৈছিল?

উত্তৰ : ১৮৮৫ চনত।

১৫) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত নৰনাৰায়ণ সেতুৰ নিৰ্মাণ কাৰ্য কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯৯৮ চনৰ ১৫ এপ্ৰিলত।

১৬) প্ৰশ্ন : অসমত টেলিগ্ৰাফ আৰু টেলিফোন সেৱা কিমান চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৮৬৬ চনত।

১৭) প্ৰশ্ন : অসমৰ ক’ত ৰে’লৰ ইঞ্জিন মেৰামতি কৰা হয়?

উত্তৰ : ডিব্ৰুগড় আৰু বঙাইগাঁৱত।

১৮) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত কিমান খন দলং আছে ?

উত্তৰ : ব্ৰহ্মপুত্ৰ নৈৰ ওপৰত চাৰিখন দলং আছে : শৰাইঘাট দলং, (গুৱাহাটী-আমিনগাঁও), কলিয়াভোমোৰা (শিলঘাট-তেজপুৰ), নৰনাৰায়ণ সেতু (যোগীঘোপা-পঞ্চৰত্ন), বগীবিল সেতু (নিৰ্মীয়মান অৱস্থাত)।

১৯) প্ৰশ্ন : গুৱাহাটীত প্ৰথম ব্ৰডগজ কেতিয়া স্থাপন হৈছিল?

উত্তৰ : ১৯৮৪ চনৰ ২৪ এপ্ৰিল।

২০) প্ৰশ্ন : অসমৰ ৰে’লপথ পৰিবহণ ব্যৱস্থাযুক্ত দুখন দলঙৰ নাম কি কি?

উত্তৰ : শৰাইঘাট দলং আৰু নৰনাৰায়ণ সেতু।

২১) প্ৰশ্ন : উত্তৰ-পূৰ্বাঞ্চলৰ অসমত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰটো কি নামেৰে জনা যায়?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰ।

২২) প্ৰশ্ন : অসমৰ আটাইতকৈ ওখ ঠাইত অৱস্থিত ৰে’ল ষ্টেচন কোনটো?

উত্তৰ : উত্তৰ কাছাৰ পাৰ্বত্য অঞ্চলৰ জাতিংগা।

Cart
Back To Top
error: Content is protected !!