Skip to content

BIOLOGY QUIZ IN ASSAMESE জীৱ বিজ্ঞান কুইজ

১) প্ৰশ্ন : মানুহৰ বৈজ্ঞানিক নাম কি?

উত্তৰ : হোমোচেপিয়ান।

২) প্ৰশ্ন : জীৱ কাক বোলে?

উত্তৰ : যাৰ জীৱন আছে তাক জীৱ বোলে।

৩) প্ৰশ্ন : সমগ্ৰ জীৱ – জগতক কেইটা প্ৰধান ভাগত ভাগ কৰা হৈছে?

উত্তৰ : দুটা ভাগত। যেনে – উদ্ভিদ আৰু প্ৰাণী।

৪) প্ৰশ্ন : উদ্ভিদ আৰু প্ৰাণীৰ মাজত প্ৰধান পাৰ্থক্য কি কি?

উত্তৰ : প্ৰাণীয়ে নিজৰ অঙ্গ – প্ৰত্যঙ্গ সঞ্চালন কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰে কিন্ত প্ৰাণীৰ দৰে উদ্ভিদে স্থান পৰিৱৰ্তন কৰিব নোৱাৰে।

৫) প্ৰশ্ন : জীব – বিৱৰ্তন কাক বোলে?

উত্তৰ : কোনো সৰল প্ৰজাতিৰ পৰা গুণগত আৰু পৰিমাণগত পৰিৱৰ্তনৰ মাধ্যমেৰে অধিক জটিল প্ৰজাতিৰ উদ্ভৱ হোৱাকে জীৱ বিৱৰ্তন বোলে।

৬) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ জনক কোন?

উত্তৰ : চাৰ্লচ ডাৰউইন।

৭) প্ৰশ্ন : জীৱ বিৱৰ্তনৰ সৈতে অভিযোজনৰ সম্পৰ্ক কি?

উত্তৰ : পৰিবেশৰ প্ৰভাৱত অভিযোজনৰ মাধ্যমেৰেই জীৱ – বিৱৰ্তন সম্পন্ন হয়।

৮) প্ৰশ্ন : প্ৰাণী দেহত হৰমন সৃষ্টিকাৰী গ্ৰন্থিক কি বোলে?

উত্তৰ : এণ্ডোক্ৰিন গ্ৰন্থি।

৯) প্ৰশ্ন : অক্সিন কি?

উত্তৰ : এবিধ উদ্ভিদ হৰমন।

১০) প্ৰশ্ন : মেৰুদণ্ডী প্ৰাণীৰ মগজু কেইটা ভাগত বিভক্ত?

উত্তৰ : মেৰুদণ্ডী প্ৰাণীৰ মগজু প্ৰধানকৈ চাৰিটা ভাগত বিভক্ত। যেনে – গুৰু মস্তিষ্ক, লঘু মস্তিষ্ক, উষ্কীষক আৰু সুষুম্ন।

১১) প্ৰশ্ন : সংবেদী নাৰ্ভ কাক বোলে?

উত্তৰ : যি নিউৰণৰ শান্ত শাখা সমূহ জ্ঞানেন্দ্ৰিয়ত শেষ হয় তাকে সংবেদী নাৰ্ভ বোলা হয়।

১২) প্ৰশ্ন : ক্ৰেনিয়েল নাৰ্ভ কাক বোলে?

উত্তৰ : মেৰুদণ্ডী মস্তিষ্কৰ পৰা নিৰ্গত প্ৰান্তিক নাৰ্ভক।

১৩) প্ৰশ্ন : উদ্ভিদৰ নাৰ্ভ (স্নায়ু) তন্ত্ৰ আছেনে?
উত্তৰ : নাই।

১৪ )প্ৰশ্ন : গ্ৰাহকৰ পৰা উদ্দীপনা বহনকাৰী নাৰ্ভ (স্নায়ু) সমূহক কি বোলে?

উত্তৰ : সংবেদক।

১৫) প্ৰশ্ন : স্নায়ুৰ মাধ্যমেৰে প্ৰৱাহিত আবেগৰ গতি প্ৰতি ছেকেণ্ডত কিমান মিটাৰ?

উত্তৰ : ১২৫ মিটাৰ।

১৬) প্ৰশ্ন : যৌন আৰু অযৌন উভয় ক্ৰিয়াৰে প্ৰজনন ঘটোৱা এবিধ প্ৰাণীৰ নাম কোৱা?

উত্তৰ : হাইড্ৰা।

১৭) প্ৰশ্ন : সন্তান প্ৰসৱ কৰা প্ৰাণীক কি বোলে?

উত্তৰ : জৰায়ুজ।

১৮) প্ৰশ্ন : কণী পৰা প্ৰাণীক কি বোলে?

উত্তৰ : অণ্ডজ।

১৯) প্ৰশ্ন : উদ্ভিদৰ উচ্চতা মাপক যন্ত্ৰটোৰ নাম কি?

উত্তৰ : আৰ্কইণ্ডিকেটৰ।

২০) প্ৰশ্ন : বংশগতি কাক বোলে?

উত্তৰ : যি প্ৰক্ৰিয়াৰে মাক – দেউতাকৰ বৈশিষ্ট্য সতি – সন্তানতিলৈ সঞ্চালিত হয় তাকে বংশগতি বোলে।

২১) প্ৰশ্ন : প্ৰজনন বিদ্যা কাক বোলে?
উত্তৰ : যি বিজ্ঞান অধ্যয়ন কৰিলে বংশগতি সম্পৰ্কে জানিব পাৰি তাকে প্ৰজনন বিদ্যা বোলে।

২২) প্ৰশ্ন : প্ৰজনন বিদ্যাৰ জনক কোন?

উত্তৰ : গ্ৰেগক জোহান মেণ্ডেল।

২৩) প্ৰশ্ন : কি উদ্ভিদৰ ওপৰত মেণ্ডেলে বংশগতিৰ ওপৰত পৰীক্ষা চলাইছিল?

উত্তৰ : মটৰ মাহৰ ওপৰত।

২৪) প্ৰশ্ন : কোষ বিভাজন কাক বোলে?

উত্তৰ : এটা সজীৱ কোষ বিভক্ত হৈ দুটা সজীৱ কোষত পৰিণত হোৱাকে কোষ বিভাজন বোলে।

২৫) প্ৰশ্ন : কোষ বিভাজনৰ উদ্দেশ্য কি?

উত্তৰ : বৃদ্ধি, জনন বৃদ্ধি সংখ্যা, প্ৰজাতিৰ বৈশিষ্ট্য ৰক্ষা কৰা আদি জীৱনৰ অতি প্ৰয়োজনীয় কামবোৰ সম্পন্ন কৰাই কোষ বিভাজনৰ প্ৰধান উদ্দেশ্য।

২৬) প্ৰশ্ন : কেনে ধৰণৰ কোষ বিভাজনত কোষৰ ক্ৰমোজমৰ সংখ্যা অপৰিৱৰ্তিত থাকে?

উত্তৰ : মাইটোচিচ্‌ পদ্ধতিত।

২৭) প্ৰশ্ন : সজীৱ দেহৰ কোন অংশত মায়োচিচ্‌ কোষ বিভাজন সংঘটিত হয়?

উত্তৰ : মাথো জনন মাতৃকোষত।

২৮) প্ৰশ্ন : অযৌন জননকাৰী আৰু যৌন জননকাৰী জীৱৰ মাজত কোনটোত মায়োচিচ একান্ত প্ৰয়োজন?

উত্তৰ : যৌন জননকাৰী জীৱৰ ক্ষেত্ৰত।

২৯) প্ৰশ্ন : মানৱ দেহৰ ক্ৰমোজমৰ সংখ্যা কিমান?

উত্তৰ : ৪৬ ডাল।

৩০) প্ৰশ্ন : এজন প্ৰাপ্তবয়স্ক মানুহৰ শৰীৰত হাড়ৰ সংখ্যা কিমান থাকে?

উত্তৰ : ২০৬ ডাল।

৩১) প্ৰশ্ন : কি পেশীৰ দ্বাৰা মানুহে নিজৰ অঙ্গ – প্ৰত্যঙ্গ সঞ্চালন কৰে?

উত্তৰ : ঐচ্ছিক পেশীৰ দ্বাৰা।

৩২) প্ৰশ্ন : ৰেচনৰ উদ্দেশ্য কি?

উত্তৰ : শৰীৰৰ পৰা বিপাক জাতীয় দূষিত পদাৰ্থ উলিয়াই দিয়া ।

৩৩) প্ৰশ্ন : সৰ্বপ্ৰথমে কোনে ভায়ৰাচ আৱিষ্কাৰ কৰে?

উত্তৰ : ইভানোভিকে।

৩৪) প্ৰশ্ন : এণ্টিবায়’টিক কি?

উত্তৰ : ভেঁকুৰৰ পৰা নিসৃত যি পদাৰ্থই জীৱাণুৰ বংশ বৃদ্ধিত বাধা দিব পাৰে তাক এণ্টিবায়’টিক বোলে।

৩৫) প্ৰশ্ন : বেকটেৰিও ফাজ ভাইৰাচ কাক বোলে?

উত্তৰ : বেক্‌টেৰিও কোষক আক্ৰমণ কৰা ভাইৰাচক।

৩৬) প্ৰশ্ন : কি হৰমনে উদ্ভিদৰ কোষ বিভাজনত সহায় কৰে?

উত্তৰ : কাইনোটিন হৰমন।

৩৭) প্ৰশ্ন : জনন কাক বোলে?

উত্তৰ : পৃথিৱীৰ জীৱ সমূহে পৰিণত বয়সত যি পদ্ধতিৰে বংশ বৃদ্ধি কৰে তাকে জনন বোলে।

৩৮) প্ৰশ্ন : জননৰ উদ্দেশ্য কি?

উত্তৰ : বংশ বৃদ্ধিৰ জৰিয়তে অস্তিত্ব ৰক্ষা কৰা।

৩৯) প্ৰশ্ন : অঙ্গজ প্ৰজনন কাক বোলে?

উত্তৰ : যি পদ্ধতিত কোনো উদ্ভিদ বা প্ৰাণীৰ শৰীৰৰ কোনো অংশই অবিকল তেনে উদ্ভিদ বা প্ৰাণী সৃষ্টি কৰে তাকে অঙ্গজ প্ৰজনন বোলে।

৪০) প্ৰশ্ন : পৰাগ সংযোগ কাক বোলে?

উত্তৰ : প্ৰস্ফুটিত ফুলৰ পৰাগ বতাহ নাইবা অন্যান্য কীট – পতঙ্গৰ দ্বাৰা প্ৰভাৱিত হৈ গৰ্ভমুণ্ডত স্থাপিত হোৱাৰ বিশেষ পদ্ধতিক।

৪১) প্ৰশ্ন : পিউপিল কি?

উত্তৰ : চকুৰ তৰাৰ মাজৰ গোলাকাৰ বন্ধাটোক পিউপিল বোলে।

৪২) প্ৰশ্ন : কুষ্ঠৰোগ সৃষ্টিকাৰী বেক্‌টেৰিয়াৰ নাম কি?

উত্তৰ : মাইকো বক্‌টেৰিয়া লেপ্ৰি।

৪৩) প্ৰশ্ন : যক্ষ্মা ৰোগ সৃষ্টিকাৰী বেক্‌টেৰিয়া নাম কি?

উত্তৰ : টিউবাৰকুলেচিচ বেক্‌টেৰিয়া।

৪৪) প্ৰশ্ন : হিউমাচ কি?

উত্তৰ : প্ৰচুৰ জৈৱ পদাৰ্থ মিশ্ৰিণত মাটিয়ে যি অনিয়তাৰ জটিল পদাৰ্থৰ সৃষ্টি কৰে সেয়ে হিউমাছ।

৪৫) প্ৰশ্ন : পাস্তুৰাইজেচন কাক বোলে?

উত্তৰ : খাদ্য নাইবা পানীয়ক বিশেষ পদ্ধতিত জীৱাণুমুক্ত কৰাকাৰ্যক পাস্তুৰাইজেচন বোলে।

৪৬) প্ৰশ্ন : আটাইতকৈ সৰল প্ৰ’টিন কি?

উত্তৰ : গ্লাইচিন।

৪৭) প্ৰশ্ন : স্তন্যপায়ী প্ৰাণীৰ তেজৰ ৰং ৰঙা কিয়?

উত্তৰ : স্তন্যপায়ী প্ৰাণীৰ তেজত লো মিশ্ৰিত হিমোগ্লৱিন নামৰ ৰঞ্জক পদাৰ্থ থকা বাবে।

৪৮) প্ৰশ্ন : তেজৰ প্ৰধান কাম দুটা কি কি?

উত্তৰ : সজীৱ কোষত অক্সিজেন আৰু সৰল খাদ্য পৰিবহন।

৪৯) প্ৰশ্ন : মানৱ দেহত কি গ্ৰুপৰ তেজ থাকিলে সকলো গ্ৰুপৰে তেজ গ্ৰহণ কৰিব পাৰে?

উত্তৰ : AB- গ্ৰুপৰ।

৫০) প্ৰশ্ন : উদ্ভিদৰ সংবহন কলা কি কি?

উত্তৰ : জাইলেম আৰু ফ্লোৱেম।

৫১) প্ৰশ্ন : মানুহৰ শৰীৰৰ কোন অংশত তেজৰ লগত অক্সিজেন যোগ হয়?

উত্তৰ : হাওঁফাওঁত।

৫২) প্ৰশ্ন : মানুহৰ পাচন অঙ্গ কি কি?

উত্তৰ : যকৃৎ আৰু অগ্ন্যাশয়।

৫৩) প্ৰশ্ন : কি মৌলৰ অভাৱত হাড়ৰ বৃদ্ধি হ্ৰাস পায়?

উত্তৰ : ফচ্‌ফৰাছ।

৫৪) প্ৰশ্ন : খাদ্যৰ প্ৰধান উপাদান তিনিটা কি কি?

উত্তৰ : শৰ্কৰা, প্ৰ’টিন আৰু স্নেহ পদাৰ্থ।

৫৫) প্ৰশ্ন : স্নায়ু বিকল আৰু হৃদস্পন্দন অনিয়মিত হয় কাৰ অভাৱত?

উত্তৰ : পটাচিয়াম।

৫৬) প্ৰশ্ন : ভিটামিন – চি ৰ আন নাম কি?

উত্তৰ : এচকাৰবিক্‌ এচিড।

৫৭) প্ৰশ্ন : উৰিব নোৱাৰা তিনিটা চৰাইৰ নাম কি কি?

উত্তৰ : এমু, পেঙ্গুইন আৰু উট চৰাই।

৫৮) প্ৰশ্ন : কাৰ্বন-ডাই-অক্সাইড উদ্ভিদৰ কি কামত লাগে?

উত্তৰ : সালোক-সংশ্লেষণ পদ্ধতিত খাদ্য প্ৰস্তুত কৰিবলৈ।

৫৯) প্ৰশ্ন : সালোক-সংশ্লেষণৰ ফলত বতাহত কি গেছৰ পৰিমাণ বাঢ়ে?

উত্তৰ : অক্সিজেন।

৬০) প্ৰশ্ন : অক্সিজেন নোহোৱা পৰিৱেশত কেনেধৰণৰ শ্বসন চলে?

উত্তৰ : অবাত শ্বসন।

৬১) প্ৰশ্ন : সালোক-সংশ্লেষণৰ বাবে প্ৰয়োজনীয় উপাদান কি কি?

উত্তৰ : সূৰ্যৰ পোহৰ, ক্লোৰোফিল, পানী আৰু কাৰ্বন-ডাই-অক্সাইড।

৬২) প্ৰশ্ন : কি ভিটামিনৰ অভাৱত মানৱ শৰীৰত বেৰি-বেৰি ৰোগ হয়?

উত্তৰ : ভিটামিন ‘বি’ ৰ অভাৱত।

৬৩) প্ৰশ্ন : পূৰ্ণ বয়স্ক মানুহৰ তেজৰ চাপ কিমান?

উত্তৰ : ১২০/৮০।

৬৪) প্ৰশ্ন : কাৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায়?

উত্তৰ : ধমনীৰ মাধ্যমত।

৬৫) প্ৰশ্ন : মানুহৰ হৃদপিণ্ডত কেইটা নিলয় আৰু কেইটা অলিন্দ আছে?

উত্তৰ : দুটা নিলয় আৰু দুটা অলিন্দ আছে।

৬৬) প্ৰশ্ন : লাজুকীলতাৰ পাত স্পৰ্শ কৰিলে জয় পৰি যায় কিয়?

উত্তৰ : চিচ্‌মোনাষ্টিৰ বাবে।

৬৭) প্ৰশ্ন : এবিধ উৰণীয়া স্তন্যপায়ী প্ৰাণীৰ নাম কি?

উত্তৰ : বাদুলি।

৬৮) প্ৰশ্ন : ফাইটোপ্লঙ্কিটন কাক বোলে?

উত্তৰ : ভালেমান ক্ষুদ্ৰাতিক্ষুদ্ৰ উদ্ভিদৰ সমাবেশক ফাইটোপ্লঙ্কিটন বোলে।

৬৯) প্ৰশ্ন : বায়োস্ফিয়াৰ কাক বোলে?

উত্তৰ : আকাশৰ যি উচ্চতাৰ পৰা মাটি আৰু সাগৰৰ গভীৰতা পৰ্যন্ত জীৱ বসবাস কৰে তাকে বায়োস্ফিয়াৰ বোলে।

৭০) প্ৰশ্ন : উদ্ভিদৰ শ্বাস অংগৰ নাম কি?

উত্তৰ : পত্ৰৰন্ধ্ৰ, লেণ্টিচেল, শ্বাসমূল ইত্যাদি।

৭১) প্ৰশ্ন : এইডচ্‌ ভাইৰাচে মানুহৰ কি ক্ষতি কৰে?

উত্তৰ : মানুহৰ স্বাভাৱিক ৰোগ প্ৰতিৰোধ ক্ষমতা নাইকিয়া কৰে।

৭২) প্ৰশ্ন : জুফাজিনি কাক বোলে?

উত্তৰ : ৰোগ সৃষ্টিকাৰী ভাইৰাচক।

৭৩) প্ৰশ্ন : জীৱাশ্ম কি?

উত্তৰ : উদ্ভিদ আৰু প্ৰাণীৰ প্ৰস্তুৰীভূত দেহাৱশেষ।

৭৪) প্ৰশ্ন : বতাহত কাৰ্বন-ডাই-অক্সাইড বাঢ়ি গ’লে কি ক্ষতি হ’ব?

উত্তৰ : ইনফ্ৰাৰেড্‌ ৰশ্মি অধিক মাত্ৰাত শোষিত হ’ব, ফলত ভূ-পৃষ্ঠৰ তাপৰ মাত্ৰা বাঢ়ি যাব।

৭৫) প্ৰশ্ন : অইচ’গ্যামী কাক বোলে?

উত্তৰ : অসম আকৃতিৰ পুং আৰু স্ত্ৰী মিলনক।

৭৬) প্ৰশ্ন : দুটা বহিঃ পৰজীৱী প্ৰাণীৰ উদাহৰণ দিয়া?

উত্তৰ : ওকণি আৰু উৰহ।

৭৭) প্ৰশ্ন : জাঙ্গল (Xerophyte) উদ্ভিত ক’ত হয়?

উত্তৰ : শুকান মৰু অঞ্চলত।

৭৮) প্ৰশ্ন : শৰীৰৰ ৰং পৰিৱৰ্তন কৰি আত্মৰক্ষা কৰা এবিধ প্ৰাণীৰ নাম কোৱা?

উত্তৰ : কেলোট্ৰপিচ প্ৰেচেৰা (কেৰ্কেটুৱা)।

৭৯) প্ৰশ্ন : প্ৰাণীৰ প্ৰয়োজনীয় নাইট্ৰ’জেনৰ উৎস কি?

উত্তৰ : উদ্ভিদদেহ।

৮০) প্ৰশ্ন : এটা A.T.P. অণুত সঞ্চিত শক্তিৰ পৰিমাণ কিমান?

উত্তৰ : ৭৩০০ কেল’ৰি।

৮১) প্ৰশ্ন : মিউটেচন তত্ত্বৰ প্ৰবক্তা কোন?

উত্তৰ : হুগো-ডি-ভ্ৰিচ্‌।

৮২) প্ৰশ্ন : সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়?

উত্তৰ : ভিটামিন – ডি।

৮৩) প্ৰশ্ন : সালোক-সংশ্লেষণত প্ৰয়োজনীয় শক্তিৰ উৎস কি?

উত্তৰ : সৌৰশক্তি।

৮৪) প্ৰশ্ন : হাইপো ভিটামিনোচিচ কাক বোলে?

উত্তৰ : শৰীৰত প্ৰয়োজনৰ তুলনাত কম ভিটামিন থকাকে হাইপো ভিটামিনোচিচ বোলে।

৮৫) প্ৰশ্ন : ‘অৰিজিন অফ স্পেচিচ্‌ বাই মিনচ্‌ অফ্‌ নেচাৰেল্‌ চিলেকচন’ গ্ৰন্থ খনৰ লেখক কোন?

উত্তৰ : চাৰ্লচ ডাৰউইন।

৮৬) প্ৰশ্ন : বংশগতিৰ একক কি?

উত্তৰ : জিন।

৮৭) প্ৰশ্ন : বংশগতিৰ জনক কোন?

উত্তৰ : গ্ৰেডৰ যোহান মেণ্ডেল।

৮৮) প্ৰশ্ন : অডিঅ’ মিটাৰ কিহৰ কাৰণে ব্যৱহাৰ কৰা হয়?

উত্তৰ : শ্ৰৱণশক্তি পৰীক্ষাৰ কাৰণে।

৮৯) প্ৰশ্ন : হিৰৈন কি?

উত্তৰ : পপী গছৰ ফলৰ পৰা তৈয়াৰ কৰা এবিধ মাদক দ্ৰব্য।

৯০) প্ৰশ্ন : ডাৰউইনৰ মতবাদ মূলতঃ কেইটা পৰ্যবেক্ষণ আৰু কেইটা সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত?

উত্তৰ : তিনিটা পৰ্যবেক্ষণ আৰু দুটা সিদ্ধান্তৰ ওপৰত।

৯১) প্ৰশ্ন: বেনথচ কি?

উত্তৰ : জলাশয়ৰ তলৰ ভাগত বসবাস কৰা জীৱ সমূহক বেনথচ্‌ বোলে।

৯২) প্ৰশ্ন : নেকটন কাক বোলে?

উত্তৰ : পানীত স্বাধীনভাৱে সাঁতুৰি ফুৰা প্ৰাণী সমূহক নেকটন বোলে।

৯৩) প্ৰশ্ন : মানুহক প্ৰধানকৈ কেইটা মহাজাতিত ভাগ কৰা হৈছে?

উত্তৰ : তিনিটা। যেনে – ককেচাচ্‌, মঙ্গোলয়েড্‌ আৰু নিগ্ৰোয়েড্‌।

৯৪) প্ৰশ্ন : মানুহৰ টোপনি ধৰে কিয়?

উত্তৰ : স্নায়ৱিক ক্লান্তিৰ ফলত।

৯৫) প্ৰশ্ন : কেনে ধৰণৰ ৰক্ত-কণিকাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ৰক্ষা কৰে?

উত্তৰ : শ্বেত ৰক্ত কণিকা।

৯৬) প্ৰশ্ন : মাছৰ উৎপত্তি কেতিয়া হৈছে?

উত্তৰ : প্ৰায় ৫৩০০ লাখ বছৰৰ আগেয়ে।

৯৭) প্ৰশ্ন : বৰ্তমান লৈকে মানুহে মাছৰ কিমানটা প্ৰজাতিৰ সম্ভেদ পাইছে?

উত্তৰ : ২০,০০০ প্ৰজাতিৰ।

৯৮) প্ৰশ্ন : অধিক শিৰা থকা প্ৰাণী কি?

উত্তৰ : সাপ।

৯৯) প্ৰশ্ন : আটাইতকৈ ডাঙৰ সাপ কি?

উত্তৰ : এনাকোণ্ডা (Anaconda)।

১০০) প্ৰশ্ন : সাপে বিষ ক’ৰ পৰা উলিয়াই?

উত্তৰ : বিহদাঁত (বিষদন্ত – Fang)ৰ পৰা।

১০১) প্ৰশ্ন : কি চৰায়ে দুবছৰত মাথোঁ এটা কণী পাৰে?

উত্তৰ : এলবেট্ৰাচ।

১০২) প্ৰশ্ন : উৰণীয়া শিয়াল (Flying fox০ কি?

উত্তৰ : শিয়াল আকৃতিৰ এবিধ বাদুলি।

১০৩) প্ৰশ্ন : কি প্ৰাণীয়ে মাতিব নোৱাৰে?

উত্তৰ : জিৰাফ।

১০৪) প্ৰশ্ন : মাথোঁ তলৰ পাৰি দাঁত থকা জন্ত কি কি?

উত্তৰ : গৰু, ছাগলী।

১০৫) প্ৰশ্ন : আটাইতকৈ দীৰ্ঘজীৱী প্ৰাণী কি?

উত্তৰ : কাছ। প্ৰায় ৫০০ বছৰলৈকে জীয়াই থাকে।

১০৬) প্ৰশ্ন : মানুহৰ পিছতেই কি প্ৰাণীৰ বুদ্ধি বেছি?

উত্তৰ : ডলফিন, চিম্পাঞ্জী।

১০৭) প্ৰশ্ন : কি কি জন্তৱে আহাৰ পাগুলি খায়?

উত্তৰ : গৰু, ভেড়া।

১০৮) প্ৰশ্ন : ঘোঁৰাৰ দাঁত কেইটা?

উত্তৰ : মাইকী ঘোঁৰাৰ ৩৬ টা, আৰু মতা ঘোঁৰাৰ ৪০ টা।

১০৯) প্ৰশ্ন : মানুহৰ হাড়ত কি পদাৰ্থ থাকে?

উত্তৰ : কেলচিয়াম আৰু ফচফৰাচ।

১১০) প্ৰশ্ন : মানুহৰ মাংসপেশীত কি পদাৰ্থ থাকে?

উত্তৰ : গ্লাইকোজেন।

১১১) প্ৰশ্ন : মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান?

উত্তৰ : প্ৰায় ৮,০০০ নিযুত।

১১২) প্ৰশ্ন : গৰিলা, চিম্পাঞ্জী, ওৰাংওটা আৰু গিবনক লৈ গঠিত প্ৰাণী জগতৰ পৰিয়ালটোৰ নাম কি?

উত্তৰ : চিম্‌দি।

Cart
Back To Top
error: Content is protected !!