Skip to content

ASSAM HISTORY অসম বুৰঞ্জী

(১) অসমৰ আটাইতকৈ প্ৰাচীন নাম কি ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷

(২) অসমৰ আটাইতকৈ প্ৰাচীন ৰজাজনৰ নাম কি ?

উত্তৰ : দানৱ বংশৰ প্ৰতিষ্ঠাতা মহীৰংগ দানৱ ।

(৩) নৰকাসুৰ কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰ : প্ৰাগজ্যোতিষপুৰ ৷

(৪) নৰকাসুৰে প্ৰতিস্থা কৰা বংশ টোৰ নাম কি আছিল ?

উত্তৰ : ভৌম ।

(৫) নৰক চতুৰ্দশী কেতিয়া পালন কৰা হয় ?

উত্তৰ : দীপান্বিতাৰ আগদিনা।

(৬) নৰকাসুৰৰ সেনাপতিৰ নাম কি আছিল ?

উত্তৰ : মুৰা (শ্ৰীকৃষ্ণই বধ কৰিছিল সেইবাবে তেওঁক মুৰাৰী বুলি কোৱা হয় ) ৷

(৭) নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল ?

উত্তৰ : ভগদত্ত ৷

(৮) অসমৰ কোনজন ৰজাই মহাভাৰতৰ যুদ্ধত অংশগ্ৰহণ কৰিছিল ?

উত্তৰ : ভগদত্তই ৷

(৯) ভগদত্তৰ জীয়ৰী ভানুমতীক কোনে বিৱাহ কৰাইছিল ?

উত্তৰ : কৌৰৱৰাজ দুৰ্যোধন ৷

(১০) বান ৰজাই কোন ৰাজ্য শাসন কৰিছিল ?

উত্তৰ : শোনিতপুৰ।

(১১) বান ৰজাৰ জীয়ৰীৰ নাম কি আছিল ?

উত্তৰ : ঊষা ৷

(১২) বাণৰজাৰ জীয়ৰী ঊষাক কোনে বিৱাহ কৰাইছিল ?

উত্তৰ : শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধই ৷

(১৩) ঊষাৰ সখিয়েকৰ নাম কি আছিল ?

উত্তৰ : চিত্ৰলেখা ৷

(১৪) হৰি-হৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ : শ্ৰীকৃষ্ণ আৰু শিৱৰ মাজত।

(১৫) অগ্নিগড় কোনে আৰু কিয় নিৰ্মাণ কৰিছিল ?

উত্তৰ : শত্ৰুৰ পৰা নগৰখন সুৰক্ষিত কৰিবলৈ বানৰজাই অগ্নিগড় নিৰ্মাণ কৰিছিল ৷

(১৬) ভীষ্মক কোন ৰাজ্যৰ ৰজা আছিল ?

উত্তৰ : বিদৰ্ভ বা কুণ্ডিল ৷

(১৭) ভীষ্মক ৰজাৰ জীয়ৰী ৰুক্মিণীক কোনে বিৱাহ কৰিছিল ?

উত্তৰ : শ্ৰীকৃষ্ণই ৷

(১৮) বৰ্তমান কুণ্ডিল নগৰ কত অৱস্থিত ?

উত্তৰ : শদিয়াত ৷

(১৯) পুৰণি কামৰূপ ৰাজ্য কেইটাভাগত ভাগ কৰা হৈছিল আৰু কি কি ?

উত্তৰ : পুৰণি কামৰূপৰ চাৰিভাগত ভাগ কৰা হৈছিল ৷ (২০) ৰত্নপীঠ, (খ) কামপীঠ, (গ) স্বর্ণপীঠ আৰু (ঘ) সৌমাৰপীঠ।

(২১) অসমৰ প্ৰথম ঐতিহাসিক ৰজা জনৰ নাম কি ?

উত্তৰ : বৰ্মন বংশৰ প্ৰতিষ্ঠাতা পুষ্য বৰ্মন (৩৫০-৩৮০ খ্ৰী.)৷

(২২) বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷

(২৩) বৰ্মন বংশৰ শেষ ৰজা কোন আছিল ?

উত্তৰ : – কুমাৰ ভাস্কৰ বৰ্মন ৷শাসনকাল (৬০০-৬৫০) ৷

(২৪) কাৰ শাসন কালত চীনা পৰিব্ৰাজক হিউৱেন-চাং অসমলৈ আহিছিল ?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷

(২৫) চীনা পৰিব্ৰাজক হিউৱেন-চাং কিমান চনত অসমলৈ আহিছিল ?

উত্তৰ : ৬৪০ খ্ৰীষ্টাব্দত ।

(২৬) হিউৱেন চাংয়ে অসমৰ বিষয়ে লিখা গ্ৰন্থখনৰ নাম কি ?

উত্তৰ : গ্ৰন্থখনৰ নাম হল চি.ইউ. কি ৷

(২৭) ভাস্কৰাব্দ কোনে প্ৰৱৰ্তন কৰে ?

উত্তৰ : কুমাৰ ভাস্কৰ বৰ্মন ৷

(২৮) বৰ্মন বংশৰ পাছত কোন বংশই কামৰূপ শাসন কৰে ?

উত্তৰ : শালস্তম্ভ বংশই ৷

(২৯) শালস্তম্ভ বংশৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰ : শালস্তম্ভ ৷ তেওঁ ৬৫০ চনত শাসন আৰম্ভণি কৰে।

(৩০) শালস্তম্ভ বংশৰ শেষ ৰজা জনৰ নাম কি আছিল ?

উত্তৰ : ত্যাগসিংহ ৷

(৩১) শালস্তম্ভ বংশৰ পাছত কোন বংশই কামৰূপ শাসন কৰে ?

উত্তৰ : পাল বংশই।

(৩২) পাল বংশৰ প্ৰথম শাসক কোন আছিল ?

উত্তৰ : ব্ৰহ্মপাল (৯৯০ -১০১০) ৷

(৩৩) মুছলমানে প্ৰথম অসম আক্ৰমণ কেতিয়া আৰু কাৰ শাসন কালত কৰিছিল ?

উত্তৰ : কামৰূপৰ ৰজা পৃথু ৰাজত্ব কালত ১২০৬ চনত মহম্মদ বিন বখতিয়াৰ খিলজী কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল ৷

(৩৪) মুছলমানে দ্বিতীয় অসম আক্ৰমণ কেতিয়া আৰু কাৰ শাসন কালত কৰিছিল ?

উত্তৰ : ১২২৬ চনত ।

(৩৫) কোনে কামৰূপ ৰাজ্যৰ ৰাজধানী কমতাপুৰলৈ তুলি নিছিল ?

উত্তৰ : সন্ধ্যাই ।

(৩৬) কামাখ্যা মন্দিৰ প্ৰথমে কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : – নৰকাসুৰ ৷

(৩৭) কামাখ্যা মন্দিৰ কত অৱস্থিত ?

উত্তৰ : নীলাচল পৰ্বতত।

(৩৮) কামাখ্যা মন্দিৰ কোনে কেতিয়া পুনৰ নিৰ্মাণ কৰিছিল ?

উত্তৰ : ১৫৬৫ চনত কোচৰজা মহাৰাজ নৰনাৰায়ণে ৷

(৩৯) চুতীয়া ৰাজ্য কিমান চনত প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ : ১১৮৭ খৃষ্টাব্দত ৷

(৪০) চুতীয়া ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ : বীৰপাল ৷

(৪১) চুতীয়া ৰাজ্যৰ ৰাজধানী কত আছিল ?

উত্তৰ : শদিয়া ৷

(৪২) চুতীয়া ৰাজ্যৰ শেষৰজন ৰজাৰ নাম কি আছিল ?

উত্তৰ : – নীতিপাল ৷

(৪৩) সতী সাধিনী কোন আছিল ?

উত্তৰ : -চুতীয়া ৰাজ্যৰ শেষ গৰাকী ৰাণী আছিল।

(৪৪) আহোমসকল অসমলৈ কিমান চনত আহিছিল ?
উত্তৰ : ১২২৮ খৃষ্টাব্দত ৷

(৪৫) আহোমসকলৰ প্ৰথম ৰজা কোন আছিল ?

উত্তৰ : স্বৰ্গদেউ চাওলুং চুকাফা ৷(১২২৮-১২৬৮) ৷

(৪৬) স্বৰ্গদেউ চাওলুং চুকাফা কিমান বছৰ শাসন কৰিছিল ?

উত্তৰ : ৪০ বছৰ ৷ ১২৬৮ চনত তেখেতে মৃত্যু হয় ।

(৪৭) আহোমসকলে অসমত কিমান বছৰ ৰাজত্ব কৰিছিল ?

উত্তৰ : ৬০০ বছৰ ৷

(৪৮) আহোমসকলৰ শেষ স্বাধীন ৰজা কোন আছিল ?

উত্তৰ : চন্দ্ৰকান্ত সিংহ ৷

(৪৯) অসমত প্ৰথমে বুৰঞ্জী লিখা প্ৰথা কোনে আৰম্ভ কৰে ?

উত্তৰ : – আহোমসকলে।

(৫০) কোনজন আহোম ৰজাৰ দিনত বুৰঞ্জী লিখা প্ৰথা আৰম্ভ হয় ?

উত্তৰ : – স্বৰ্গদেউ চুকাফা ৷

(৫১) বুৰঞ্জী শব্দৰ অৰ্থ কি ?

উত্তৰ : – বুৰঞ্জী হৈছে টাই ভাষাৰ শব্দ ৷ ইয়াৰ অৰ্থ হৈছে নজনা কথাৰ ভঁৰাল ৷

(৫২) আহোম ৰাজ্যৰ প্রথম স্থায়ী ৰাজধানীৰ নাম কি আছিল ?

উত্তৰ : – চৰাইদেউ ।

(৫৩) কোন জন আহোম ৰজাই চৰাইদেউৰ পৰা ৰাজধানী তুলি নি চৰগুৱাত স্থাপন কৰিছিল ?

উত্তৰ : – চুডাংফা বা বামুণী কোঁৱৰ( ১৩৯৭-১৪০৭) ।

(৫৪)কোন জন আহোম ৰজাই প্ৰথম শিঙৰী ঘৰত উঠা প্ৰথা আৰম্ভ কৰে ?

উত্তৰ : – চুডাংফা বা বামুণী কোঁৱৰ ৷

(৫৫) আহোমৰ বিবাহ পদ্ধতি কি বুলি কোৱা হয় ?

উত্তৰ : চকলং ৷

(৫৬) কোনজন আহোম স্বৰ্গদেউৰ দিনত প্ৰথম লোকপিয়ল আৰম্ভ কৰা হৈছিল ?

উত্তৰ : স্বৰ্গদেউ চুহুংমুং বা স্বৰ্গনাৰায়ণ ৷

(৫৭) দিহিঙীয়া ৰজা বুলি কোৱা হয় ?

উত্তৰ : – স্বৰ্গদেউ চুহুংমুং ৷

(৫৮) কোন জন আহোম ৰজাই চৰগুৱাৰ পৰা ৰাজধানী তুলি নি বকতাত স্থাপন কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা ৷

(৫৯) কোন জন আহোম ৰজাই বৰপাত্ৰগোহাঁই পদ সৃষ্টি কৰিছিল ?

উত্তৰ : – স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা ৷

(৬০) প্ৰথমজন বৰপাত্ৰগোহাঁই কোন আছিল ?

উত্তৰ : – কনচেং বৰপাত্ৰগোহাঁই ৷

(৬১) কোনজন আহোম ৰজাৰ দিনৰ পৰা প্ৰথম স্বৰ্গদেও উপাধি ব্যৱহাৰ কৰা হয়?

উত্তৰ : – স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা ৷

(৬২) কোনজন আহোম ৰজাই পূৰ্বৰ ‘আইজোতা ‘ শব্দৰ পৰিবৰ্তে হিন্দুৰ ‘শকাব্দ’ গ্ৰহণ আৰু প্ৰচলন কৰে ?

উত্তৰ :- স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজা ৷

(৬৩) কোনজন আহোম ৰজাৰ দিনত চুতীয়া ৰাজ্য আহোম ৰাজ্যৰ লগত চামিল কৰা হয় ?

উত্তৰ : ১৫২৮ খৃষ্টাব্দত স্বৰ্গদেউ চুহুংমুং বা দিহিঙীয়া ৰজাৰ দিনত ৷

(৬৪) শদিয়াখোৱা গোঁহাই পদ কোনে আৰু কিয় সৃষ্টি কৰিছিল ?

উত্তৰ : চুতীয়া ৰাজ্য শাসন কৰিবলৈ চুহুংমুং বা দিহিঙীয়া ৰজাই শদিয়াখোৱা গোঁহাই পদ সৃষ্টি কৰিছিল ।

(৬৫) মৰঙ্গীখোৱা গোঁহাইৰ পদ কোনে সৃষ্টি কৰিছিল ?

উত্তৰ : চুহুংমুং বা দিহিঙীয়া ৰজাই

(৬৬) কোনজন আহোম ৰজাই প্ৰথম অসমীয়া ভাষাত বুৰঞ্জী লিখোৱাইছিল ?

উত্তৰ : চুহুংমুং বা দিহিঙীয়া ৰজাই ৷

(৬৭) কোনজন ৰজাৰ শাসনকালত মুছলমানে প্ৰথমবাৰ আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰ : চুহুংমুং বা দিহিঙীয়া ৰজাৰ শাসন মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে ৷

(৬৮) কিমান চনত মুছলমান সেনাপতি তুৰ্বকে আহোম ৰাজ্য আক্ৰমণ কৰে ?

উত্তৰ : ১৫৩২ চনত বংগৰ সেনাপতি তুৰ্বকৰ নেতৃত্বত মুছলমান সৈন্যই আহোম ৰাজ্য আক্ৰমণ কৰে।

(৬৯) তুৰ্বকৰ আহোম ৰাজ্য আক্ৰমণৰ সময়ত আহোম সেনাপতি কোন আছিল ?

উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই ৷ এই যুদ্ধত তেওঁৰ মৃত্যু হয়।

(৭০) মুলাগাভৰুৰ স্বামীৰ নাম কি আছিল ?

উত্তৰ : ফ্ৰাচেংমুং বৰগোঁহাই ৷

(৭১) মুলাগাভৰু কোন আছিল ?

উত্তৰ : মুলাগাভৰু আছিল ফ্ৰাচেংমুং বৰগোঁহাইৰ পত্নী ৷ তেওঁ তুৰ্বকৰ লগত যুদ্ধ কৰিছিল আৰু এই যুদ্ধত তেওঁ মৃত্যু হয় ।

(৭২) গড়গঞা ৰজা বুলি কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুক্লেনমুং ৷

(৭৩) কোন জন আহোম ৰজাই বকতাৰ পৰা ৰাজধানী তুলি নি গড়গাওঁত স্থাপন কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুক্লেনমুং ৷ সেইবাবে তেওঁক গড়গঞা ৰজা বুলি কোৱা হয় ৷

(৭৪) খোৰা ৰজা বোলে কাক কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চ্যুখামফা ৷

(৭৫) গড়গাওঁ পুখুৰী আৰু নগা আলি কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ : স্বৰ্গদেউ চ্যুখামফা ৷

(৭৬) কোন জন আহোম স্বৰ্গদেউ বুদ্ধি স্বৰ্গনাৰায়ণ বা বুঢ়া ৰজা বুলি কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ৷

(৭৭) কোনজন আহোম ৰজাৰ শাসনকালত পাইক প্ৰথা আৰম্ভ হৈছিল ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ।

(৭৮) কোনজন আহোম ৰজাই বৰবৰুৱা আৰু বৰফুকন পদ সৃষ্টি কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ।

(৭৯) আহোম ৰাজত্বকালৰ প্ৰথমজন বৰবৰুৱা কোন আছিল ?

উত্তৰ : মোমাই তামুলীৰ বৰবৰুৱা ৷

(৮০) আহোম ৰাজত্বকালৰ প্ৰথমজন বৰফুকন কোন আছিল ?

উত্তৰ : লাঙি বৰফুকন ৷

(৮১) বৰফুকনৰ কাৰ্য্যালয় কত আছিল ?

উত্তৰ : কলিয়াবৰ ৷

(৮২) কোনজন আহোম ৰজাই ৰহিয়াল বৰুৱা, জাগিয়াল গোহাঁই, কাজলীমুখীয়া গোহাঁই পদবীৰ সৃষ্টি কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ চুচেংফা বা প্ৰতাপ সিংহ ।

(৮৩) কোনজন আহোম ৰজা ভগাৰজা নামে জনাজাত আছিল ?

উত্তৰ : স্বৰ্গদেউ চুৰাম্‌ফা ৷

(৮৪) কোনজন আহোম ৰজা নৰিয়া ৰজা নামে জনাজাত আছিল ?

উত্তৰ : স্বৰ্গদেউ চুত্যিণ্‌ফা ৷

(৮৫) কোনজন আহোম ৰজাক ভগনীয়া ৰজা বুলি কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুতাম্লা বা জয়ধ্বজ সিংহ ৷

(৮৬) মিৰজুমলাই কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল ?

উত্তৰ : ১৬৬২ চনত জয়ধ্বজ সিংহৰ ৰাজত্ব কালত ৷

(৮৭) মিৰজুমলা কোন আছিল ?

উত্তৰ : বংগৰ নবাব ৷

(৮৮) ৰমণী গাভৰু কোন আছিল ?

উত্তৰ : স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা আছিল ৷

(৮৯) ঘিলাধাৰী ঘাটৰ সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ১৬৬৩ চনৰ ২৩ জানুৱাৰীত ৷

(৯০) ৰামসিংহই কেতিয়া আৰু কাৰ শাসনকালত অসম আক্ৰমণ কৰিছিল ?

উত্তৰ : ৰামসিংহই ১৬৬৭ চনত স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত অসম আক্ৰমণ কৰিছিল ?

(৯১) ৰামসিংহ কোন আছিল ?

উত্তৰ : ৰামসিংহ আছিল অম্বৰ ৰজা আৰু সম্ৰাট ঔৰংগজেৱৰ সেনাপতি ৷

(৯২) আলাবৈৰ ৰণ কেতিয়া হৈছিল ?

উত্তৰ : ১৬৬৯ চনৰ ৫ আগষ্টত আালাবৈৰ ৰণ হৈছিল ৷

(৯৩) আলাবৈৰ ৰণ কাৰ কাৰ মাজত হৈছিল ?

উত্তৰ : আহোম আৰু মোগলৰ মাজত সংঘটিত হৈছিল ৷

(৯৪) আলাবৈৰ ৰণত একেদিনাই কিমান অসমীয়া সেনাৰ মৃত্যু হৈছিল ?

উত্তৰ : ১০০০০ জন।

(৯৯) আলাবৈৰ ৰণ কত সংঘটিত হৈছিল ?

উত্তৰ : বৰ্তমান উত্তৰ গুৱাহাটীৰ ওচৰৰ দলিবাৰীৰ অঞ্চলৰ আলাবৈ পাহাৰৰ সমীপত এই ৰণ সংঘটিত হৈছিল ৷

(১০০) “বাৰীৰ ভিতৰত পুখুৰী খান্দিলেও আঠোটা-দহোটা মানুহক শিঙিয়ে বিন্ধে ৷” উক্ত কথাষাৰ কোনে কৈছিল ?

উত্তৰ : আহোমৰ প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁই ৷

(১০১) মোগল পৰিব্ৰাজক চিহাবুদ্দিন তালিছে কোনখন গ্ৰন্থত অসমীয়া সেনাৰ বিষয়ে উল্লেখ কৰিছে ?

উত্তৰ : ফাতিহা-ই-ইব্ৰিয়া ৷

(১০২) শৰাইঘাটৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ : ১৬৭১ চনত শৰাইঘাট যুদ্ধ সংঘটিত হৈছিল ৷

(১০৩) শৰাইঘাটৰ যুদ্ধৰ সময়ত কোনজন আহোম ৰজাই শাসন আছিল ?

উত্তৰ : স্বৰ্গদেউ উদয়াদিত্য সিংহ ৷

(১০৪) শৰাইঘাট যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উত্তৰ : আহোম আৰু মোগলৰ মাজত ৷

(১০৫) শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল ?

উত্তৰ : লাচিত বৰফুকন ৷

(১০৬) শৰাইঘাটৰ যুদ্ধত আহোমৰ মোগলৰ সেনাপতি কোন আছিল?

উত্তৰ : অম্বৰ ৰজা ৰামসিংহ।

(১০৫) লাচিত বৰফুকনৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : মোমাই তামুলী বৰবৰুৱা ৷

(১০৬) লাচিত বৰফুকনৰ কেতিয়া মৃত্যু হয় ?

উত্তৰ : শৰাইঘাট যুদ্ধ কিছুদিনৰ পাছত ১৬৭১ চনত ?

(১০৭) লাচিত দিৱস কেতিয়া পালন কৰা হয় ?

উত্তৰ : ২৪ নৱেম্বৰত ৷

(১০৮) লাচিত বৰফুকনৰ সমাধিক্ষেত্ৰ কত অৱস্থিত ?

উত্তৰ : যোৰহাটৰ হোলোঙাপাৰ ৷

(১০৬) শৰাইঘাট যুদ্ধত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে আহোম সেনাক কোনে নেতৃত্ব দিছিল ?

উত্তৰ : প্ৰধানমন্ত্ৰী আতন বুঢ়াগোহাঁই ৷

(১০৭) ল’ৰা ৰজা কাক কোৱা হয় ?

উত্তৰ : স্বৰ্গদেউ চুলিক্‌ফা ৷

(১০৮) জয়মতী কোন আছিল ?

উত্তৰ : স্বৰ্গদেউ গদাধৰ সিংহৰ পত্নী ৷ তেওঁ দেশৰ শকে ১৪ দিন শাস্তি ভুগি মৃত্যু বৰণ কৰিছিল ৷

(১১০) জয়মতীৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : লাইথেপেনা বৰগোহাঁই ৷

(১১১) জয়মতীক কত শাস্তি দিয়া হৈছিল ?

উত্তৰ : জেৰেঙা পথাৰত ৷

(১১২) চকৰিফেঁটি বুৰঞ্জীৰ কোন প্ৰণয়ন কৰিছিল ?

উওৰ : নুমলী বৰগোহাঁইয়ে৷

(১১৩) স্বৰ্গদেউ গদাধৰ সিংহ বা চুপাতফা কিমান চনত আহোম ৰাজপাটত বহে ?

উত্তৰ : ১৬৮১ চনত ৷

(১১৪) ইটাখুলিৰ ৰণ কেতিয়া সংঘটিত হৈছিল ?

উত্তৰ : ১৬৬২ খৃষ্টাব্দত ৷

(১১৫) ইটাখুলিৰ ৰণ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?

উত্তৰ : আহোম আৰু মোগলৰ মাজত ৷

(১১৬) আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল ?

উত্তৰ : ইটাখুলিৰ ৰণ

(১১৭) কোন জন আহোম স্বৰ্গদেৱে উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।(১৬৯৪ চনত ) ৷

(১১৮) কোন জন আহোম স্বৰ্গদেৱে ধোদৰ আলি নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ গদাধৰ সিংহই।

(১১৯) আহোমৰ শ্ৰেষ্ঠ নৃপতি কাক আখ্যা দিয়া হয় ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহ বা চুখ্ৰংফা ৷

(১২০) স্বৰ্গদেউ ৰুদ্ৰ সিংহ কিমান চনত আহোম ৰাজপাটত বহে ?

উত্তৰ : ১৬৯৬ চনত।

(১২১) কোনজন আহোম স্বৰ্গদেউয়ে ৰংপুৰত ৰাজধানী পাতিছিল ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

(১২২) জয়দৌল আৰু জয়সাগৰ পুখুৰী কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ৷

(১২৩) কাৰ স্মৃতিৰ স্বৰ্গদেউ ৰুদ্ৰ সিংহই জয়সাগৰ পুখুৰী নিৰ্মান কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই তেওঁৰ মাতৃৰ স্মৃতিত জয়সাগৰৰ পুখুৰী আৰু জয়দৌল নিৰ্মাণ কৰিছিল ৷

(১২৪) নামদাঙৰ শিলৰ সাকোঁ কোনে নিৰ্মাণ কৰে ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই ১৭০৩ চনত নামদাঙৰ শিলৰ সাকোঁ নিৰ্মান কৰছিল ৷

(১২৫) নামদাঙৰ শিলৰ সাকোঁ বৰ্তমান কিমান নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ?

উত্তৰ : ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত অৱস্থিত ৷

(১২৬) কোনজন আহোম স্বৰ্গদেৱে বিহু গীত-নৃত্যক ৰাজকীয় মৰ্য্যদা প্ৰদান কৰিছিল?

উত্তৰ:- স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

(১২৭) খৰিকটীয়া আলি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

(১২৮) ফাকুৱা দৌল কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : স্বৰ্গদেউ ৰুদ্ৰ সিংহই।

(১২৯)স্বৰ্গদেউ ৰুদ্ৰ সিংহৰ ৰাজসভাৰ বিখ্যাত পণ্ডিত গৰাকীৰ নাম কি?

উওৰঃ কবিৰাজ চক্ৰৱৰ্তী।

(১৩০) শংখচূড় বধ ‘ কোনে ৰচনা কৰিছিল ?
উত্তৰ : কবিৰাজ চক্ৰৱৰ্তী।

(১৩১)ৰুদ্ৰ সিংহই আহোম ৰাজ্য কিমান বছৰ শাসন কৰিছিল?

উওৰঃ ১৮ বছৰ।

(১৩২) পৰ্বতীয়া গোহাঁই বুলি কাক জনা গৈছিল ?

উত্তৰ : কৃষ্ণৰাম ভট্টাচাৰ্য্যক

(১৩৩) কোন জন আহোম ৰজাৰ ছত্ৰ-ভংগৰ যোগ হোৱা বুলি জ্যোতিষীয়ে কৈছিল ?

উত্তৰ : স্বৰ্গদেউ শিৱসিংহ ৷

(১৩৪) প্ৰথম বৰৰজা কোন আছিল ?

উত্তৰ : ফুলেশ্বৰী কুঁৱৰী ৷

(১৩৫) গৌৰীসাগৰ পুখুৰী কোনে খন্দাইছিল??

উত্তৰ : বৰৰজা ফুলেশ্বৰী কুঁৱৰী ৷

(১৩৬) হস্তীবিদ্যাৰ্ণৱ কোনে ৰচনা কৰিছিল ?

উত্তৰ : সুকুমাৰ বৰকাইথে ৷

(১৩৭) বৰৰজা অম্বিকা কোন আছিল ?

উত্তৰ : স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৷

(১৩৮) শিৱসাগৰ পুখুৰী কোনে খন্দাইছিল?

উত্তৰ:- বৰৰজা অম্বিকাই ৷

(১৩৯) শিৱসাগৰ শিৱদৌল কোনে নিৰ্মাণ কৰিছিল?

উত্তৰ:- বৰৰজা অম্বিকাই।

(১৪০) ৰংঘৰ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ প্ৰমত্ত সিংহই।

(১৪১) স্বৰ্গদেউ প্ৰমত্ত সিংহই কিমান চনত ৰংঘৰ নিৰ্মাণ কৰে ?

উত্তৰ : ১৭৪৬ চনত।

(১৪২) শুক্লেশ্বৰ দেৱালয় আৰু ৰুদ্ৰেশ্বৰ দেৱালয় কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ প্ৰমত্ত সিংহই।

(১৪৩) তলাতল ঘৰ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

(১৪৪) কাৰেংঘৰ কোন জন আহোম ৰজাই নিৰ্মাণ কৰিছিল ?

উত্তৰ :- স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

(১৪৫) কোনজন আহোম ৰজাৰ দিনত আৰু কেতিয়া লতাকটা ৰণ হৈছিল ?

উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্ব কালত ১৭৬৫ চনত।

(১৪৬) কুৰংগনয়নীক কোনে বিয়া কৰাইছিল ?

উত্তৰ : স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই।

(১৪৭) কুৰংগনয়নী কোন আছিল ?

উত্তৰ : মণিপুৰৰ ৰজা জয়সিংহৰ জীয়াৰী ৷

(১৪৮) কোনজন আহোম ৰজাৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

উত্তৰ : স্বৰ্গদেউ লক্ষ্মী সিংহৰ দিনত ৷

(১৪৯) কিমান চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

উত্তৰ : ১৭৬৯ চনত।

(১৫০) কিমান চনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

উত্তৰ : ১৭৮২ চনত।

(১৫১) কিমান চনত তৃতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

উত্তৰ : ১৭৮৬ চনত ৷

(১৫২) কোনজন আহোম ৰজাৰ দিনত দ্বিতীয় মোৱামৰীয়া বিদ্ৰোহ হৈছিল ?

উত্তৰ : স্বৰ্গদেউ গৌৰীনাথ সিংহ ৷

(১৫৩) কোন জন আহোম ৰজাই ৰাজধানী ৰংপুৰৰ পৰা যোৰহাটলৈ তুলি নিয়ে ?

উত্তৰ : স্বৰ্গদেউ গৌৰীনাথ সিংহ ৷

(১৫৪) মোৱামৰীয়া বিদ্ৰোহ কোনজন আহোম ৰজাৰ দিনত শেষ হৈছিল?

উত্তৰ:- মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ দিনত শেষ হৈছিল।

(১৫৯) কোনজন আহোম ৰজাৰ ৰাজত্বকালত দন্দুৱাদ্ৰোহ সংঘটিত হৈছিল ?

উত্তৰ : স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত।

(১৬০) মানসকলে কেইবাৰ অসম আক্ৰমণ কৰিছিল?

উত্তৰ : তিনিবাৰ।

(১৬১) মানসকলক কোনে অসমলৈ আছিল ?

উত্তৰ : বদনচন্দ্ৰ বৰফুকনে ৷

(১৬২) কিমান চনত মানৰ প্ৰথম অসম আক্ৰমণ হৈছিল?

উত্তৰ : ১৮১৭ চনৰ ২৭ মাৰ্চত।

(১৬৩) কিমান চনত মানৰ দ্বিতীয় অসম আক্ৰমণ হৈছিল?

উত্তৰ:- ১৮১৯ চনত।

(১৬৪) কিমান চনত মানৰ তৃতীয় অসম আক্ৰমণ হৈছিল?উত্তৰ : ১৮২১ চনত ।

(১৬৫) ইয়াণ্ডাবু সন্ধি কিমান স্বাক্ষৰিত হৈছিল?

উত্তৰ:- ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত।

(১৬৬) ইয়াণ্ডাবু সন্ধি কাৰ কাৰ মাজত স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ইংৰাজ আৰু মান সেনাৰ মাজত।

(১৬৭) ইয়াণ্ডাবু সন্ধি কোন ঠাইত স্বাক্ষৰিত হৈছিল ?

উত্তৰ : ব্ৰাহ্মদেশৰ ইয়াণ্ডাবুত ৷

(১৬৮) কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল

উত্তৰ : বিশ্ব সিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল ৷

(১৬৯) কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল ?

উত্তৰ : নৰনাৰায়ণ।

(১৭০) গোঁহাই কমল আলিৰ কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : চিলাৰায়।

(১৭১) নৰনাৰায়ণ আচল নাম কি আছিল ?

উত্তৰ : নৰনাৰায়নৰ আচল নাম মল্লদেৱ আছিল ।

(১৭২) চিলাৰায়ৰ আচল নাম কি আছিল ?

উত্তৰ : চিলাৰায় আচল নাম শুক্লধ্বজ আছিল ।

(১৭৩) কোচ হোজো ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল ?

উত্তৰ : ৰঘুদেৱ ৷

(১৭৪) কোচ ৰাজ্য কেতিয়া বিভক্ত হৈছিল?

উত্তৰ : ১৫৮১ চনত ৷

(১৭৫) কছাৰী ৰাজ্যৰ ৰাজধানী ক’ত আছিল?

উত্তৰ : হিড়িম্বাপুৰ (বৰ্তমান ডিমাপুৰ) ৷

(১৭৭) শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কত আৰু কেতিয়া হৈছিল ?

উত্তৰ : ১৪৪৯ চনত বৰদোৱাৰ অলিপুখুৰীত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল ৷

(১৭৮) শ্ৰীমন্ত শংকৰদেৱৰ পিতৃৰ নাম কি আছিল ?

উত্তৰ : শংকৰদেৱৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা ।

(১৭৯) শ্ৰীমন্ত শংকৰদেৱৰ মাতৃৰ নাম কি আছিল ?

উত্তৰ : শংকৰদেৱৰ মাতৃৰ নাম আছিল সত্যসন্ধা ।

(১৮০) শ্ৰীমন্ত শংকৰদেৱক কোনে লালন পালন কৰিছিল ?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱক বুঢ়ীমাক খেৰখুতীয়ে লালন পালন কৰিছিল ।

(১৮১) শ্ৰীমন্ত শংকৰদেৱে কাৰ ওচৰত শিক্ষা গ্ৰহন কৰিছল ?

উত্তৰ : শংকৰদেৱে মহেন্দ্ৰ কলন্দিৰ ওচৰত শিক্ষা গ্ৰহন কৰিছিল ।

(১৮২) শ্ৰীমন্ত শংকৰদেৱে প্ৰথমে ক’ত সত্ৰ স্থাপন কৰিছিল ?

উত্তৰ : শংকৰদেৱে প্ৰথমে মাজুলীৰ ধুৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল ।

(১৮৩) শ্ৰীমন্ত শংকৰদেৱ কেতিয়া মৃত্যু হৈছিল ?

উত্তৰ : ১৫৬৮ খ্ৰীষ্টাব্দৰ ভাদ মাহৰ শুক্লা দ্বিতীয়া তিথিত ১১৯ বছৰ বয়সত মৃত্যু হৈছিল ৷

(১৮৪) হাজোৰ পোৱা মক্কা মছজিদটো কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰ : গিয়াচুদ্দিন আউলিয়াই ৷

(১৮৫) কোনজন অসমীয়াই বৃটিছৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ ঘোষণা কৰিছিল ?

উত্তৰ : গোমধৰ কোঁৱৰে ৷

(১৮৬) গোমধৰ কোঁৱৰে ইংৰাজৰ বিৰুদ্ধে কিমান চনত বিদ্ৰোহ ঘোষণা কৰিছিল ?

উত্তৰ : ১৮২৮ চনত ৷

(১৮৭) ভাৰত তথা অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ কোন আছিল ?

উত্তৰ : পিয়লি ফুকন ৷

(১৮৮) পিয়লি ফুকন কত আৰু কেতিয়া ফাঁচী দিয়া হৈছিল?

উত্তৰ : ১৮৩০ চনত শিৱসাগৰত ফাঁচী দিয়া হৈছিল।

(১৮৯) পিয়লি ফুকনৰ লগত আৰু কাক ফাঁচী দিয়া হৈছিল।

উত্তৰ : জীউৰাম দুলীয়া বৰুৱাক ৷

(১৯০) অসমত প্ৰথম কৃষক বিদ্ৰোহ কেতিয়া আৰু কত সংঘটিত হৈছিল?

উত্তৰ= ১৮৬১ চনৰ ১৮ অক্টোবৰত নগাঁও জিলাৰ কলং নৈৰ পাৰৰ ফুলগুৰিত ৷

(১৯১) অসমত প্ৰথম কৃষক বিদ্ৰোহ কি নামে জনা যায় ?

উত্তৰ : ফুলগুৰি ধেৱা ৷

(১৯২) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল?

উত্তৰ : ১৯৪৩ চনৰ ১৫ জুনত ৷

(১৯৩) অসমত কোনে চিপাহী বিদ্ৰোহ আৰম্ভ কৰিছিল?

উত্তৰ : মণিৰাম দেৱান ৷

(১৯৪) মণিৰাম দেৱানক কেতিয়া ফাঁচী দিয়া হৈছিল ?

উত্তৰ : ১৮৫৮ চনৰ ২৬ ফ্ৰেব্ৰুৱাৰীত ৷

(১৯৫) অসম এছ’চিয়েচন কেতিয়া গঠন কৰি হয় ?

উত্তৰ : ১৯০৫ চনত।

(১৯৬) অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ : ১৯১৬ চনত।

(১৯৭) অসম ছাত্ৰ সন্মিলনীৰ প্ৰথম সভাপতি কোন আছিল ?

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা।

(১৯৮) অসমত প্ৰথম ৰেল সেৱা কেতিয়া আৰম্ভ কৰা হৈছিল?

উত্তৰ : ১৮৮২ চনত প্ৰৱৰ্তন কৰা হৈছিল ৷

(১৯৯) অসমত কেতিয়া প্ৰথম জাহাজ চলাচল আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৪৮ চনত ৷

(২০০) মহাত্মা গান্ধী কেতিয়া অসমলৈ আহিছিল ?

উত্তৰ : ১৯২১ চনত।

(২০১) অসমত চাহ কেতিয়া আৱিস্কাৰ হৈছিল ?

উত্তৰ : ১৮২৩ চনত।

(২০২) অসমত খাৰুৱা তেল কেতিয়া আৱিষ্কাৰ হৈছিল ?

উত্তৰ : ১৮২৩ চনত ৷

(২০৩) অসমত কেতিয়াৰ পৰা প্ৰথম খাৰুৱা তেলৰ বাণিজ্যিক উৎপাদন আৰম্ভ হৈছিল ?

উত্তৰ : ১৮৮৯ চনত ৷

(২০৪) ডিগবৈ তেল শোধনাগাৰ কেতিয়া প্ৰতিষ্ঠা কৰা হয় ?

উত্তৰ : ১৯০১ চনত ।

(২০৫) এছিয়াৰ আটাইতকৈ পুৰণি শোধনাগাৰটোৰ নাম কি ?

উত্তৰ : ডিগবৈ শোধনাগাৰ ।

(২০৬) অসমত কোন চনৰ পৰা মাটিৰ ‘ম্যাদী প্ৰথা’ৰ প্ৰচলন আৰম্ভ হৈছিল?

উত্তৰ : ১৮৮৬ চনৰ পৰা।

(২০৭) অসমৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম মহিলা শ্বহীদ কোন আছিল ?

উত্তৰ : কনকলতা বৰুৱা ।

(২০৮) কনকলতা বৰুৱা কিমান চনত শ্বহীদ হয় ?

উত্তৰ : ১৯৪২ চনত ।

Cart
Back To Top
error: Content is protected !!