Skip to content

ASSAM FLORA AND FAUNA অসমৰ উদ্ভিদকুল আৰু প্ৰাণীকুল

১) প্ৰশ্ন : ‘পিগমী-হ’গ (Pigmy-Hog) ৰ অসমীয়া স্থানীয় নাম কি?

উত্তৰ : নল গাহৰি।

২) প্ৰশ্ন : শোণিতপুৰ জিলাৰ মুখ্য আকৰ্ষণ সমূহ কি কি?

উত্তৰ : বেংগল ফ্লোৰিকান আৰু এশিঙীয়া গঁড়।

৩) প্ৰশ্ন : ভাৰতীয় ধনেশ পক্ষী আৰু বৃহৎ পখৰা ধনেশ পক্ষীক একেলগে কি বুলি কোৱা হয়?

উত্তৰ : দেওহাঁহ।

৪) প্ৰশ্ন : ভাৰত চৰকাৰে কিমান চনত বৰনদীক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰে?

উত্তৰ : ১৯৮১ চনত।

৫) প্ৰশ্ন : অসমৰ বহত্তম বৃক্ষ ডালৰ নাম কি?

উত্তৰ : হলং।

৬) প্ৰশ্ন : অসমত পোৱা বন-মানুহ বিধক কি বুলি কোৱা হয়?

উত্তৰ : হুলক গিবন।

৭) প্ৰশ্ন : কোনবিধ জন্তৰ বাবে অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনে বিশ্ব দৰবাৰত গৌৰৱ কঢ়িয়াই আনিছে?

উত্তৰ : এশিঙীয়া গঁড়।

৮) প্ৰশ্ন : গৰমপানী অভয়াৰণ্য কিহৰ বাবে বিখ্যাত?

উত্তৰ : গৰমপানীৰ উঁহৰ বাবে বিখ্যাত।

৯) প্ৰশ্ন : গুৱাহাটীৰ মহানগৰৰ কোন ঠাইত এশিঙীয়া গঁড় পোৱা যায়?

উত্তৰ : ৰাজ্যিক চিৰিয়াখানা সংলগ্ন ব’টানিকেল উদ্যান।

১০) প্ৰশ্ন : অসমৰ সমভূমি অঞ্চলৰ জিলা সমূহৰ বনজ সম্পদ সমূহ সংৰক্ষণৰ দায়িত্ব কাৰ ওপৰত অৰ্পণ কৰা হৈছে?

উত্তৰ : বন বিভাগ, অসম।

১১) প্ৰশ্ন : অসমৰ ৰাজ্যিক পশু কি?

উত্তৰ : এশিঙীয়া গঁড়।

১২) প্ৰশ্ন : ‘ইউ ডাইনামিছ স্কোলোপাছিয়া’ বৈজ্ঞানিক নামৰ এই পক্ষীৰ প্ৰজাতিটোৰ অসমৰ বিহু উৎসৱৰ লগত এক বিশেষ গুৰুত্ব জড়িত। পক্ষী বিধৰ নাম কি?

উত্তৰ : কুলি।

১৩) প্ৰশ্ন : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খনৰ মুঠ মাটিকালি কিমান?

উত্তৰ : ৪৩০ বৰ্গ কিঃমিঃ (প্ৰায়)।

১৪) প্ৰশ্ন : সোণাই-ৰুপাই অভয়াৰণ্য খন ক’ত অৱস্থিত?

উত্তৰ : শোণিতপুৰ জিলাত।

১৫) প্ৰশ্ন : মানস অভয়াৰণ্য কোন বিধ জন্তৰ বাবে বিখ্যাত?

উত্তৰ : বাঘ।

১৬) প্ৰশ্ন : পবিতৰা অভয়াৰণ্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৮৭ চনত।

১৭) প্ৰশ্ন : মানস ৰাষ্ট্ৰীয় উদ্যানে কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল?

উত্তৰ : ১৯৯০ চনত।

১৮) প্ৰশ্ন : নামেৰী ৰাষ্ট্ৰীয় উদ্যান খন ক’ত অৱস্থিত?

উত্তৰ : শোণিতপুৰ জিলা।

১৯) প্ৰশ্ন : অসমৰ বৃহত্তম ৰাষ্ট্ৰীয় উদ্যান খন কোন খন?

উত্তৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যান।

Cart
Back To Top
error: Content is protected !!