Skip to content

PHYSICS QUIZ IN ASSAMESE পদাৰ্থ বিজ্ঞান কুইজ

১) প্ৰশ্ন : বাৰুদ কি?

উত্তৰ : চোডা, গন্ধক আৰু কাঠ-কয়লাৰ সহায়ত প্ৰস্তুত কৰা এবিধ দাহ্য পদাৰ্থ।

২) প্ৰশ্ন : এক পাৰমাণৱিক ভৰত কিমান গ্ৰাম?
উত্তৰ : 1.66 X 10 -24 গ্ৰাম।

৩) প্ৰশ্ন : নক্ষত্ৰ যুদ্ধৰ অন্যতম সামৰিক উপদেষ্টা কোন?

উত্তৰ : চাৰ এডৱাৰ্ড টেইলৰ।

৪) প্ৰশ্ন : ৰেডিঅ’ তৰঙ্গ কি?

উত্তৰ : ৰেডিঅ’ তৰঙ্গ হ’ল এবিধ বিদ্যুৎ তৰঙ্গ। ইয়াৰ তৰঙ্গ দৈৰ্ঘ্য ৫০ ছেণ্টিমিটাৰৰ পৰা ৩০ মিটাৰলৈকে থাকে।

৫) প্ৰশ্ন : পেৰাচুট কি?

ছাতিৰ দৰে আকৃতিৰ চিল্কৰ কাপোৰেৰে তৈয়াৰী এটা দীঘলীয়া বস্তু। বিশেষ প্ৰয়োজনত বা আত্মৰক্ষাৰ বাবে বিমানৰ পৰা নামিবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।

৬) প্ৰশ্ন : এটম বম্‌ কি?

উত্তৰ : অতিশয় বিস্ফোৰক তথা বিধ্বংসী এটি আণৱিক বম।

৭) প্ৰশ্ন : চাবমেৰিণ কি?

উত্তৰ : পানীৰ তলেৰে যাতায়ত কৰিব পৰা এবিধ সাগৰীয় যুদ্ধ জাহাজ।

৮) প্ৰশ্ন : টিয়াৰ গেছ কি?

উত্তৰ : চকুত লাগিলে চকুপানী ওলোৱা এবিধ বিশেষ বাষ্প।

৯) প্ৰশ্ন : ৰাডাৰ (RADAR) ৰ সম্পূৰ্ণ নাম কি?

উত্তৰ : ৰেডিও ডিটেকচ্‌ন এণ্ড ৰেঞ্জিং।

১০) প্ৰশ্ন : কোনো জড় মাধ্যম নোহোৱাকৈ শব্দ চলাচল কৰাটো সম্ভৱনে?

উত্তৰ : নহয়।

১১) প্ৰশ্ন : ক্ৰুজাৰ কি?

উত্তৰ : দ্ৰুত গতি সম্পন্ন এবিধ যুদ্ধ জাহাজ।

১২) প্ৰশ্ন : বৰফ ভৰাই থোৱা গিলাচৰ বাহিৰৰ ফালে বিন্দু বিন্দু পানীৰ কনিকা লাগি থাকে কিয়?

উত্তৰ : বায়ুৰ জলীয় বাষ্পই বৰফপূৰ্ণ চেঁচা গিলাচৰ সংস্পৰ্শলৈ আহি বিন্দু বিন্দু পানীৰ কণিকাত পৰিণত হোৱা বাবে।

১৩) প্ৰশ্ন : প্ৰতিধ্বনি কি?

উত্তৰ : কোনো ধ্বনি বা শব্দ যেতিয়া কোনো প্ৰতিফলক বস্তুত বাধাপ্ৰাপ্ত হোৱাৰ ফলত মূল শব্দৰ পৰা বিচ্ছিন্ন হৈ শ্ৰোতাৰ ওচৰলৈ ঘূৰি আহে তেতিয়া তাক প্ৰতিধ্বনি বোলে।

১৪) প্ৰশ্ন : তাপ প্ৰয়োগ নকৰাকৈ পানী উতলাব পাৰিনে?

উত্তৰ : পাৰি।

১৫) প্ৰশ্ন : ডাৱৰীয়া নিশা নিয়ৰ নপৰে কিয়?

উত্তৰ : নিশাৰ ভাগত পৃথিৱীয়ে যি তাপ বিকিৰণ কৰে, ডাৱৰীয়া আকাশে সেই বিকিৰ্ণ তাপ প্ৰতিফলন ক্ৰিয়াৰ দ্বাৰা পৃথিৱীলৈ পঠিয়াই দিয়ে। ফলত নিয়ৰ উৎপন্ন হোৱাৰ লগে লগে বাষ্পত পৰিণত হয়াৰু সেই বাবে ডাৱৰীয়া নিক্ষা নিয়ৰ নপৰে।

১৬) প্ৰশ্ন : কেৰাচিন তেলৰ জুইত পানী ঢালি নুমুৱাব নোৱাৰি কিয়?

উত্তৰ : কেৰাচিন তেল পানীতকৈ পাতল। সেয়ে, কেৰাচিন তেলৰ জুইত পানী ঢালিলে তেল ওপৰলৈ ভাঁহি উঠে আৰ জুই জ্বলিয়ে থাকে।

১৭) প্ৰশ্ন : কোনো তাপমাত্ৰাৰ পাঠ (Reading) ছেলচিয়াছ স্কেলত কিমান হয়?

উত্তৰ : ২৫ ডিগ্ৰী

১৮) প্ৰশ্ন : ফাৰেণহাইট স্কেলত তাপমাত্ৰাৰ পাঠ (Reading) কিমান হ’ব?

উত্তৰ : 77০ ডিগ্ৰী ফাৰেণহইট।

১৯) প্ৰশ্ন : ধাতুত তড়িৎ প্ৰবাহ ঘটাৰ কাৰণ কি?

উত্তৰ : মুক্ত ইলেক্ট্ৰনৰ গতিৰ বাবে ধাতুৰ তড়িৎ গতিত প্ৰবাহ ঘটে।

২০) প্ৰশ্ন : ভৰ আৰু জড়তাৰ মাজত সম্পৰ্ক কি?

উত্তৰ : জড়তা সদায় ভৰৰ ওপৰত নিৰ্ভৰশীল।

২১) প্ৰশ্ন : পৃথিৱীৰ কোনো ওখ ঠাইৰ পৰা বস্তু এটা তললৈ পেলাই দিলে তাৰ বেগ বাঢ়িব নে কমিব?

উত্তৰ : বেগ বাঢ়িব।

২২) প্ৰশ্ন : বস্তু এটা বাধাহীন ভাৱে ওখ ঠাইৰ পৰা তললৈ পেলাই দিলে বস্তুটোৰ ত্বৰণ হ’ব নে মন্থৰণ হ’ব?

উত্তৰ : ত্বৰণ হ’ব।

২৩) প্ৰশ্ন : মানুহ এজনে পৃথিৱীৰ ওপৰত ৪ ফুট ওখলৈ জঁপিয়াব পাৰিলে চন্দ্ৰপৃষ্ঠত কিমান ওখলৈ জঁপিয়াব পাৰিব?

উত্তৰ : ২৪ ফুট ওখলৈ।

২৪) প্ৰশ্ন : মধ্যাকৰ্ষণিক ত্বৰণৰ মান পৃথিৱীৰ সকলো স্থানতে একে থাকেনে?

উত্তৰ : নাথাকে। স্থানভেদে বেলেগ বেলেগ হয়।

২৫) প্ৰশ্ন : পৃথিৱীৰ মাধ্যাকৰ্ষণিক (g) মান আটাইতকৈ ক’ত বেছি?

উত্তৰ ; দুই মেৰু অঞ্চলত।

২৬) প্ৰশ্ন : অভিকেন্দ্ৰিক বল কাক বোলে?

উত্তৰ : কোনো বস্তু বৃত্তাকাৰ পথত ঘূৰিবলৈ হ’লে তাৰ ওপৰত যি বল প্ৰয়োগ কৰা হয় তাক অভিকেন্দ্ৰিক বল বোলে।

২৭) প্ৰশ্ন : ক্ৰিয়া বল কি?

উত্তৰ : কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰা বলক ক্ৰিয়া বল বোলে।

২৮) প্ৰশ্ন : যি কোনো দুটা ভেক্টৰ যোগ বা বিয়োগ কৰিব পাৰিনে?

উত্তৰ : নোৱাৰি।

২৯) প্ৰশ্ন : নিৰ্দিষ্ট দিশত হোৱা দ্ৰুতিক কি বোলে?

উত্তৰ : বেগ।

৩০) প্ৰশ্ন : ৰেডিয়াম কি?

উত্তৰ : কোনো বৃত্তৰ ব্যাসাৰ্ধৰ সমান বৃত্তৰ চাপে বৃত্তটোৰ কেন্দ্ৰত যি কোণৰ সৃষ্টি কৰে তাৰ পৰিমাণকে ৰেডিয়াম বোলে।

৩১) প্ৰশ্ন : বৈজ্ঞানিক দৃষ্টিভঙ্গীত বস্তুৰ স্থিতি অৱস্থা মানে কি?

উত্তৰ : বস্তুৰ গতি শূণ্যতা।

৩২) প্ৰশ্ন : বস্তুৰ গতি আৰু স্থিতি সম্পৰ্কীয় গতিসূত্ৰ কেইটা?

উত্তৰ : তিনিটা।

৩৩) প্ৰশ্ন : দ্ৰুতি আৰু বেগৰ মাজত পাৰ্থক্য কি?

উত্তৰ : দ্ৰুতিৰ মান আছে কিন্তু দিশ নাই। আনহাতে বেগৰ মান আৰু দিশ দুয়োটাই আছে।

৩৪) প্ৰশ্ন : বলৰ সংজ্ঞা আৰু মান নিউটনৰ কি কি গতি সূত্ৰৰ পৰা লোৱা হৈছে?

উত্তৰ : প্ৰথম, দ্বিতীয় আৰু তৃতীয় গতি সূত্ৰৰ পৰা।

৩৫) প্ৰশ্ন : সৰণ কাক বোলে?

উত্তৰ : নিৰ্দিষ্ট দিশত বস্তু স্থানান্তৰিত হোৱাকে সৰণ বোলে।

৩৬) প্ৰশ্ন : চলন্ত গাড়ীৰ গতিৰ বিপৰীত দিশত নমাৰ চেষ্টা কৰাটো বিপদ জনক কিয়?

উত্তৰ : চলন্ত গাড়ীৰ গতিৰ বিপৰীত দিশত নামিবলৈ হ’লে মানুহজনৰ গতি জড়তাৰ বিপৰীতে বল প্ৰয়োগ কৰিব লাগে। ফলত মানুহজনে মুখ থেকেচা খাই পৰি যোৱাৰ আশঙ্কা থাকে বাবেই বিপদজনক।

৩৭) প্ৰশ্ন : শক্তিৰ একক কি?

উত্তৰ : কাৰ্যৰ এককেই শক্তিৰ একক। যেনে – জুল, আৰ্গ আদি।

৩৮) প্ৰশ্ন : সকলো শক্তিৰ উৎস কি?

উত্তৰ : সূৰ্য।

৩৯)প্ৰশ্ন : শক্তি কাক বোলে?

উত্তৰ : কাৰ্য কৰাৰ সামৰ্থকেই শক্তি বোলে।

৪০) প্ৰশ্ন : কাৰ্য কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : কাৰ্য প্ৰয়োগ কৰা বলৰ ওপৰত নিৰ্ভৰ কৰে।

৪১) প্ৰশ্ন : পৰমাণুৰ কেন্দ্ৰত কি শক্তি নিহিত থাকে?

উত্তৰ : নিউক্লীয় শক্তি।

৪২) প্ৰশ্ন : হাইড্ৰ’জেন বম্‌ত কি শক্তি নিহিত থাকে?

উত্তৰ : হাইড্ৰ’জেন পৰমাণুৰ সংযোজন শক্তি নিহিত থাকে।

৪৩) প্ৰশ্ন : বায়ু শূণ্য ঠাইত চৰায়ে উৰিব পাৰেনে?

উত্তৰ : নোৱাৰে।

৪৪) প্ৰশ্ন : ভৰ আৰু ওজনৰ পাৰ্থক্য কি?

উত্তৰ : ভৰ হ’ল পদাৰ্থৰ একক আয়তনত থকা পদাৰ্থৰ পৰিমাণ আৰু ওজন হ’ল পদাৰ্থৰ ওপৰত ক্ৰিয়া কৰা নিম্নমুখী মাধ্যাকৰ্ষণিক বল।

৪৫) প্ৰশ্ন : এম্পিয়াৰ কি?

উত্তৰ : বিদ্যুৎ প্ৰবাহৰ একক।

৪৬) প্ৰশ্ন : কেল্‌ভিন কি?

উত্তৰ : তাপ গতি বিজ্ঞানৰ উষ্ণতাৰ একক।

৪৭) প্ৰশ্ন : অনিয়তাকাৰ ঘন বস্তুৰ আয়তন কিহৰ দ্বাৰা নিৰ্ণয় কৰিব পাৰি?

উত্তৰ : মাপনী চুঙাৰে।

৪৮) প্ৰশ্ন : জোখ-মাখৰ যথাৰ্থতা কিহৰ ওপৰত নিৰ্ভৰ কৰে?

উত্তৰ : জোখ-মাখৰ বাবে ব্যৱহৃত আহিলাৰ ওপৰত।

৪৯) প্ৰশ্ন : কোনো সমতল ঠাই অনুভূমিক হয় নে নহয় তাক চাবলৈ কি ব্যৱহাৰ হয়?

উত্তৰ : স্পিৰিট লেভল্‌।

৫০) প্ৰশ্ন : এক সৌৰ দিন মানে কি?

উত্তৰ : পৃথিৱীৰ আৱৰ্তন কালক এক সৌৰ দিন বোলে।

৫১) প্ৰশ্ন : ভৌতিক ৰাশি কাক বোলে?

উত্তৰ : যিবোৰ ৰাশিক জোখ-মাখ কৰিব পাৰি তাক ভৌতিক ৰাশি বোলে।

৫২) প্ৰশ্ন : ৪° ছেণ্টিগ্ৰেড উষ্ণতাত এক ঘন ছেণ্টিমিটাৰ বিশুদ্ধ পানীৰ ওজন কিমান?

উত্তৰ : ১ গ্ৰাম।

৫৩) প্ৰশ্ন : ঘূৰি থকা বৈদ্যুতিক বিছনী এখনৰ ব্লেড এখনৰ দুই মূৰত দ্ৰুতি সমান নে?

উত্তৰ : নহয়।

৫৪) প্ৰশ্ন : কেছ ধৰাৰ সময়ত ক্ৰিকেট খেলুৱৈ এজনে হাতখন অলপ তললৈ টানি লয় কিয়?

উত্তৰ : ক্ৰিকেট বলটো নিম্নমূখী হোৱাৰ কাৰণে হাত খন অলপ তললৈ নমাই বলটোৰ গতিমুখী কৰি লয়।

৫৫) প্ৰশ্ন : কোনো এটা বস্তুৰ ওজন বিষুৱ অঞ্চলত ১ কিলোগ্ৰাম হ’লে সেই বস্তুটোৰ ওজন মেৰু অঞ্চলত কিমান হ’ব?

উত্তৰ : এক কিলোগ্ৰামতকৈ বেছি হ’ব।

৫৬) প্ৰশ্ন : বস্তুৰ গতিশক্তি কিহৰ ওপৰত নিৰ্ভশীল?

উত্তৰ : বস্তুৰ ভৰ আৰু বেগৰ ওপৰত।

৫৭) প্ৰশ্ন : মানুহে কোনো বস্তু কেনেকৈ দেখে?

উত্তৰ : যেতিয়া কোনো পোহৰ (ৰশ্মি) আহি কোনো বস্তুৰ ওপৰত পৰে তেতিয়া সেই বস্তুৰ পৰা প্ৰতিফলিত হোৱা পোহৰ আহি চকুত পৰিলে মানুহে সেই বস্তুটো দেখা পায়।

৫৮) প্ৰশ্ন : এভ’গ্ৰেডৰ সংখ্যা কিমান? কি সাংকেতিক চিনৰ দ্বাৰা তাক প্ৰকাশ কৰা হয়?

উত্তৰ : 6.023 X 1023। ইয়াক Na সাংকেতিক চিহ্নৰ দ্বাৰা প্ৰকাশ কৰা হয়।

৫৯) প্ৰশ্ন : বাদ্যযন্ত্ৰৰ দুটা সুৰৰ পাৰ্থক্য কিদৰে নিৰ্ণীত হয়?

উত্তৰ : দুটা সুৰৰ কম্পনাংক অনুপাতৰ দ্বাৰা।

৬০) প্ৰশ্ন : যি ধ্বনিত একাধিক কম্পনাংকৰ সুৰ বৰ্তমান থাকে তাক কি বোলে?

উত্তৰ : স্বৰ।

৬১) প্ৰশ্ন : এটা বগা অলোক ৰশ্মিক প্ৰিজমৰ মাজেৰে বিশ্লিষ্ট কৰিলে কেইটা ৰং দেখা যায়?

উত্তৰ : সাতটা।

৬২) প্ৰশ্ন : পতনশীল বস্তুৰ সূত্ৰাৱলীৰ প্ৰথম সূত্ৰটো পৰীক্ষা ভিত্তিক প্ৰমাণ কোনে কৰিছিল?

উত্তৰ : চাৰ আইজাক নিউটনে।

৬৩) প্ৰশ্ন : এটা শূণ্য হল ঘৰত লাহে লাহে শব্দ কৰিলেও জোৰকৈ শুনি, কিন্ত মানুহ ভৰা হল ঘৰত তেনে নহয় কিয়?

উত্তৰ : মানুহ ভৰা হল ঘৰত শব্দৰ শোষণ বেছি হয়, কিন্ত শূণ্য হল ঘৰত শব্দৰ শোষণ কম হয় বাবে ।

৬৪) প্ৰশ্ন : ৰাতিপুৱা সূৰ্যৰ উত্তাপতকৈ দুপৰীয়া সূৰ্যৰ উত্তাপ বেছি হয় কিয়?

উত্তৰ : ৰাতিপুৱাতকৈ দুপৰীয়া সূৰ্যৰ ৰশ্মি থিয় হৈ পৰা কাৰণে।

৬৫) প্ৰশ্ন : সৰল দোলকৰ কম্পনৰ শব্দ মানুহে শুনিবলৈ নাপায় কিয়?

উত্তৰ : সৰল দোলকৰ কম্পনাঙ্ক মানুহৰ কাণত নিম্নতম শ্ৰৱণ সীমাতকৈ কম কাৰণে।

৬৬) প্ৰশ্ন : আভ্যন্তৰীণ পূৰ্ণ প্ৰতিফলনৰ প্ৰথম চৰ্ত কি?

উত্তৰ : আলোক ৰশ্মিয়ে ঘন মাধ্যমৰ পৰা লঘু মাধ্যমলৈ গতি কৰা আৱশ্যক।

৬৭) প্ৰশ্ন : শূণ্য মাধ্যমত পোহৰৰ বেগ কিমান?

উত্তৰ : 1,86,000 মাইল প্ৰতি চেকেণ্ড বা 3,00,000 কিঃমিঃ প্ৰতি চেকেণ্ড।

৬৮) প্ৰশ্ন : আলোক ৰশ্মিয়ে বায়ুৰ পৰা কাঁচৰ মাজলৈ প্ৰৱেশ কৰিলে তাৰ কিবা পৰিৱৰ্তন ঘটেনে?

উত্তৰ : তৰঙ্গ দৈৰ্ঘ আৰু বেগৰ পৰিৱৰ্তন ঘটে।

৬৯) প্ৰশ্ন : সমতল আয়নাত কোনো বস্তুৰ কি প্ৰতিবিম্ব পোৱা যায়?

উত্তৰ : অসৎ প্ৰতিবিম্ব।

৭০) প্ৰশ্ন : এক কিলোমিটাৰ সমান কিমান মাইল?

উত্তৰ : 0621 মাইল।

৭১) প্ৰশ্ন : এক ইঞ্চি = কিমান ছেণ্টিমিটাৰ।

উত্তৰ : 2.54 ছেণ্টিমিটাৰ।

৭২) প্ৰশ্ন : 1/100 মিটাৰক কি বুলি কোৱা হয়?

উত্তৰ : এক ছেণ্টিমিটাৰ।

৭৩) প্ৰশ্ন : এক ফাৰ্লঙত কিমান গজ?

উত্তৰ : ২২০ গজ।

৭৪) প্ৰশ্ন : ক্ৰনোমিটাৰ কি?

উত্তৰ : নিঁখুটভাৱে সময় জুখিবলৈ নিৰ্মান কৰা বতৰৰ প্ৰভাৱ মুক্ত এবিধ বিশেষ ঘড়ী।

৭৫) প্ৰশ্ন : পদাৰ্থ মানে কি?

উত্তৰ : যাক অনুভৱ কৰিব পাৰি, যাৰ ভৰ, ওজন আৰু ব্যাপ্তি আছে সেয়াই পদাৰ্থ।

৭৬) প্ৰশ্ন : তাপ, শব্দ আৰু পোহৰ পদাৰ্থ নহয় কিয়?

উত্তৰ : তাপ, শব্দ আৰু পোহৰক ইন্দ্ৰিয়ৰ দ্বাৰা অনুভৱ কৰিব পাৰিলেও ভৰ আৰু আয়তন নথকা কাৰণে ইহঁত পদাৰ্থ নহয়।

৭৭) প্ৰশ্ন : কোনো বস্তুক পৃথিৱীয়ে যি বলৰ দ্বাৰা নিজৰ কেন্দ্ৰৰ পিনে আকৰ্ষণ কৰে তাকে সেই পদাৰ্থটোৰ কি বোলে?

উত্তৰ : ওজন।

৭৮) প্ৰশ্ন : চুম্বকে কি কি আকৰ্ষণ কৰে?

উত্তৰ : লো, নিকেল আৰু কোবাল্ট।

৭৯) প্ৰশ্ন : এক নিউটন সমান কিমান ডাইন?

উত্তৰ : ১০৫ ডাইন।

৮০) প্ৰশ্ন : এক হৰ্চ পাৱাৰ = কিমান ওৱাট?

উত্তৰ : ৭৪৬ ওৱাট।

৮১) প্ৰশ্ন : বৰ্ণালী মানে কি? বৰ্ণালী কাক বোলে?

উত্তৰ : আলোক বিচ্ছুৰণৰ ফলত বিভিন্ন বৰ্ণ বিশিষ্ট যি আলোক পটিৰ উৎপত্তি হয় তাকে বৰ্ণালী বোলে।

৮২) প্ৰশ্ন : কঠিন পদাৰ্থৰ মাজত অণুবিলাক কেনেকৈ থাকে?

উত্তৰ : ওচৰা-উচৰিকৈ লগ-লাগি বান্ধ খাই থাকে।

৮৩) প্ৰশ্ন : অণুবীক্ষণ আৰু দূৰবীক্ষণ যন্ত্ৰৰ ‘আইপিচ’ত সাধাৰণতে কি ধৰণৰ লেন্স ব্যৱহাৰ কৰা হয়?

উত্তৰ : সমতলোত্তল লেন্স।

৮৪) প্ৰশ্ন : চচ্‌মাত সাধাৰণতে কি লেন্স ব্যৱহাৰ কৰা হয়?

উত্তৰ : অৱতলোত্তল লেন্স।

৮৫) প্ৰশ্ন : আয়ন কেনেকৈ সৃষ্টি হয়?

উত্তৰ : পৰমাণু বা মূলকে এক বা একাধিক ইলেক্ট্ৰন গ্ৰহণ বা বৰ্জন কৰি আয়ন উৎপন্ন কৰে।

৮৬) প্ৰশ্ন : ইলেক্ট্ৰন, প্ৰটন আৰু নিউট্ৰনৰ ভিতৰত কোনটো আটাইতকৈ লঘু?

উত্তৰ : ইলেক্ট্ৰন।

৮৭) প্ৰশ্ন : ৰেক্টৰ (Richter Scale) স্কেল কি?

উত্তৰ : ভূমিকম্পৰ প্ৰাবল্য মাপক।

৮৮) প্ৰশ্ন : কি এককৰ দ্বাৰা জলযানৰ গতি নিৰুপণ কৰা হয়?

উত্তৰ : নটিকেল মাইল।

৮৯) প্ৰশ্ন : চুপাৰচনিক আকাশীযান বা বিমানৰ গতিক কি এককেৰে নিৰুপণ কৰা হয়?

উত্তৰ : মেক্‌ নম্বৰ।

৯০) প্ৰশ্ন : পানীৰ গভীৰতা জোখৰ একক কি?

উত্তৰ : ফেডাম।

৯১) প্ৰশ্ন : ভাৰতীয় ঔদ্যোগিক বৈজ্ঞানিক অনুসন্ধান (ISR) ৰপ্ৰথম অধ্যক্ষ কোন আছিল?
উত্তৰ : ড° শান্তিস্বৰুপ ভাটনাগৰ।

৯২) প্ৰশ্ন : কলঙ্কহীন ইস্পাত কাক বোলে?

উত্তৰ : শতকৰা ১০ ৰ পৰা ১৫ ভাগ ক্ৰ’মিয়াম মিহলি হৈ থকা ইস্পাতক।

৯৩) প্ৰশ্ন : পুৰুষতকৈ মহিলাৰ কণ্ঠস্বৰ অধীক তীক্ষ্ণ কিয়?

উত্তৰ : মহিলাৰ কণ্ঠস্বৰ পুৰুষতকৈ অধিক কম্পনাংক থকা বাবে।

৯৪) প্ৰশ্ন : আটাইতকৈ গধুৰ আৰু আটাইতকৈ পাতল ধাতু কি?

উত্তৰ : আটাইতকৈ গধুৰ অচিমিয়াম আৰু আটাইতকৈ পাতল লিথিয়াম।

৯৫) প্ৰশ্ন : মানুহ এজনৰ সম্পূৰ্ণ শৰীৰটো চাবলৈ কিমান জোখৰ আয়না লাগে?

উত্তৰ : মানুহজনৰ উচ্চতৰ আধা।

৯৬) প্ৰশ্ন : নিউক্লিয়াচত নিউট্ৰন নথকা পৰমাণু কি?

উত্তৰ : সাধাৰণ হাইড্ৰজেন পৰমাণু।

৯৭) প্ৰশ্ন : শব্দ তৰঙ্গ আৰু আলোক তৰঙ্গৰ মাজত প্ৰধান সাদৃশ্য কি?

উত্তৰ : উঙয়ে ব্যতিচাৰ ক্ৰিয়া প্ৰদৰ্শন কৰে।

৯৮) প্ৰশ্ন : ব্যতিচাৰ কাক বোলে?

উত্তৰ : যি ঘটনাত দুটা তৰঙ্গ মিলিত হৈ পৰস্পৰক বিনষ্ট কৰে নাইবা প্ৰত্যেকতকৈ ডাঙৰ তৰঙ্গৰ সৃষ্টি কৰে তাকে ব্যতিচাৰ বোলে।

৯৯) প্ৰশ্ন : এটা বস্তুৰ পৰা আন এটা বস্তুলৈ স্থানান্তৰযোগ্য তড়িৎ আধানৰ সৰ্বনিম্ন মান কিমান?

উত্তৰ : 1.6 X 16-19 কুলম্ব।

১০০) প্ৰশ্ন : একে বছৰতে পদাৰ্থ বিজ্ঞানত মিলিতভাৱে কোন পিতা-পুত্ৰই নবে’ল বঁটা লাভ কৰে?

উত্তৰ : পি. ও. উইলিয়াম ব্ৰাগ (পিতা) আৰু লৰেঞ্চ ব্ৰাগ (পুত্ৰ)।

১০১) প্ৰশ্ন : পৃথিৱীত মূল পদাৰ্থ কিমান আছে?

উত্তৰ : ১০৫ টা।

Cart
Back To Top
error: Content is protected !!