Skip to content

ASSAM MIXED QUIZ অসমৰ সান-মিহলি কুইজ

১) প্ৰশ্ন : অসমৰ চৰকাৰী ভাষা কি?

উত্তৰ : অসমীয়া।

২) প্ৰশ্ন : অসমত থকা আটাইতকৈ ওখ পৰ্বত মালাটো কি?

উত্তৰ : বৰাইল পৰ্বতমালা।

৩) প্ৰশ্ন : অসমীয়া মানুহৰ প্ৰধান খাদ্য কি?

উত্তৰ : ভাত।

৪) প্ৰশ্ন : অসমৰ জনবহুল মহানগৰী কোন খন?

উত্তৰ : গুৱাহাটী।

৫) প্ৰশ্ন : গুৱাহাটীত থকা অসমৰ ভিতৰতে আগশাৰীৰ শিক্ষানুষ্ঠান খন কি?

উত্তৰ : কটন কলেজ।

৬) প্ৰশ্ন : প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী কোন আছিল?

উত্তৰ : ৰেণুকা দেৱী বৰকটকী।

৭) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈৰ শেষ স্থান ক’ত?

উত্তৰ : বঙ্গোপসাগৰ।

৮) প্ৰশ্ন : অসম প্ৰাদেশিক গৱেষণা কেন্দ্ৰ ক’ত অৱস্থিত?

উত্তৰ : যোৰহাট।

৯) প্ৰশ্ন : অসমৰ ৰাজ্যিক সংগ্ৰহালয় কোন চনত ক’ত অৱস্থিত?

উত্তৰ : ১৯৪০ চনত, গুৱাহাটীত।

১০) প্ৰশ্ন : অসমৰ একমাত্ৰ মানসিক চিকিৎসালয় ক’ত অৱস্থিত?

উত্তৰ : তেজপুৰত।

১১) প্ৰশ্ন : কোনটো চনত অসমত কাগজ কল স্থাপন হয়?

উত্তৰ : ১৯৭১ চনত।

১২) প্ৰশ্ন : অসমত মৰাপাটৰ কাৰখানা ক’ত আছে?

উত্তৰ : শিলঘাটত।

১৩) প্ৰশ্ন : অসমৰ চিমেণ্ট কাৰখানা ক’ত অৱস্থিত?

উত্তৰ : বোকাজানত।

১৪) প্ৰশ্ন : অসমৰ কোন ঠাইত তাৰকা গৃহ আছে?

উত্তৰ : গুৱাহাটীত।

১৫) প্ৰশ্ন : অসমৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয় কোন চনত স্থাপন হৈছিল?

উত্তৰ : ১৯৪৭ চনত।

১৬) প্ৰশ্ন : কটন কলেজ কোন চনত স্থাপন হৈছিল?

উত্তৰ : ১৯০১ চনত।

১৭) প্ৰশ্ন : দেশৰ ভিতৰত ১৮৮৯ চনত তেল শোধনাগাৰ কেন্দ্ৰ অসমত সৰ্বপ্ৰথমে স্থাপন কৰা হয়। এই তেল শোধনাগাৰ কেন্দ্ৰটো ক’ত অৱস্থিত?

উত্তৰ : ডিগবৈত।

১৮) প্ৰশ্ন : অসমৰ এটা পুৰণি ডাঙৰ মন্দিৰ আৰু তাত পুৰণি দিনৰে শিৱলিংগ স্থাপন কৰা আছে। মন্দিৰটোৰ নাম কি?

উত্তৰ : মহাভৈৰৱ মন্দিৰ।

১৯) প্ৰশ্ন : কোনটো জনগোষ্ঠীয়ে অসমত প্ৰথম ধানখেতি কৰিছিল?

উত্তৰ : বড়ো।

২০) প্ৰশ্ন : অসমৰ একমাত্ৰ কেন্সাৰ চিকিৎসালয় খন কোন ঠাইত অৱস্থিত?

উত্তৰ : গোপীনাথ নগৰ, গুৱাহাটী।

২১) প্ৰশ্ন : অসমৰ কোন ঠাইত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ আছে?

উত্তৰ : ডেৰগাঁও।

২২) প্ৰশ্ন : এগৰাকী অসমীয়া মহিলা কোৱা যাৰ বৃত্তি আছিল ভাৰতীয় হাতীক প্ৰশিক্ষণ দিয়া আৰু যাৰ বাবে তেওঁৰ নাম ‘Limca Book’ ত লিপিবদ্ধ কৰা হৈছে, তেওঁৰ নাম কি?

উত্তৰ : পাৰ্বতী বৰুৱা।

২৩) প্ৰশ্ন : অসমৰ কোন খন ভিতৰুৱা ঠাইত ৰে’ল লাইন বনোৱা এজেঞ্চি আছে?

উত্তৰ : শদিয়া, উত্তৰ লক্ষীমপুৰ জিলাবক’ত আছে?

২৪) প্ৰশ্ন : পৃথিৱীৰ ভিতৰত দ্বিতীয় বৃহৎ চাহ নিলাম কেন্দ্ৰটো ক’ত আছে?

উত্তৰ : গুৱাহাটীত।

২৫) প্ৰশ্ন : ভাৰতৰ ভিতৰত অসমত থকা পুৰণি তেল শোধনাগাৰটো ক’ত আৰু কেতিয়া স্থাপিত হৈছিল?

উত্তৰ : ডিগবৈ তেল শোধনাগাৰ, ভাৰতীয় তেল শোধনাগাৰ কেন্দ্ৰ কৰ্পোৰেচন লিমিটেডৰ অধীনত ১৮৯০ চনত স্থাপিত হৈছিল।

২৬) প্ৰশ্ন : “অসমীয়া মহিলাই কাপোৰত সপোন ৰচে” – বুলি কথাষাৰ কোনজন মহান ব্যক্তিয়ে মন্তব্য কৰিছিল?

উত্তৰ : মহাত্মা গান্ধীয়ে।

২৭) প্ৰশ্ন : ১৯৯৬ চনত কোনজন অসমীয়া ছাত্ৰই কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ পৰা গণিত শাস্ত্ৰত প্ৰথম শ্ৰেণী লাভ কৰি ‘ৰেংলাৰ’ (Wranglar) উপাধি লাভ কৰিছিল?

উত্তৰ : অনুপম শইকীয়া।

২৮) প্ৰশ্ন : ‘জাতিংগা’ কিহৰ কাৰণে বিখ্যাত?

উত্তৰ : জাতিংগা বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ বাবে বিখ্যাত। প্ৰতি বছৰে আগষ্টৰ পৰা নৱেম্বৰ মাহৰ ভিতৰত ইয়ালৈ বহুতো পৰিভ্ৰমী চৰাই আহে আৰু ইয়াত আত্মাহুতি দিয়ে।

২৯) প্ৰশ্ন : বিশ্বৰ বৃহত্তম নদী-দ্বীপ হ’ল ‘মাজুলী’ আৰু পৃথিৱীৰ ভিতৰতে ক্ষুদ্ৰতম নদী-দ্বীপটো কি?

উত্তৰ : উমানন্দ।

৩০) প্ৰশ্ন : ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ ওখ শিৱ মন্দিৰটো ক’ত অৱস্থিত?

উত্তৰ : শিৱসাগৰৰ শিৱদ’ল।

৩১) প্ৰশ্ন : ‘অসমৰ খাজুৰাহো’ বুলি পৰিচিত মন্দিৰটোৰ নাম কি?

উত্তৰ : মদন কামদেৱ।

৩২) প্ৰশ্ন : ভাৰতৰ কোন ঠাইত সৰ্বপ্ৰথমে খাৰুৱা তেল আৱিষ্কাৰ হয়?

উত্তৰ : অসমৰ ডিগবৈত (১৮৮৯ চনত)।

৩৩) প্ৰশ্ন : ভাৰতৰ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত প্ৰথম অসমীয়া গৰাকীৰ নাম কি?

উত্তৰ : ড° ফকৰুদ্দিন আলি আহমেদ।

৩৪) প্ৰশ্ন : ব্ৰহ্মপুত্ৰ নৈ ক’ৰ পৰা উৎপত্তি হৈছে?

উত্তৰ : তামচুক খামবাব গ্লেছিয়াৰৰ পৰা।

৩৫) প্ৰশ্ন : অসমত ভক্তি আন্দোলনৰ গুৰি ধৰোঁতা কোন আছিল?

উত্তৰ : শ্ৰী মন্ত শংকৰদেৱ।

৩৬) প্ৰশ্ন : কোনটো মন্দিৰত ‘অম্বুবাচী’ মেলা অনুষ্ঠিত হয়?

উত্তৰ : কামাখ্যা মন্দিৰ (গুৱাহাটী)।

৩৭) প্ৰশ্ন : ‘বৰদলৈ ট্ৰফী’ কোনবিধ খেলৰ লগত জড়িত?

উত্তৰ : ফুটবল।

৩৮) প্ৰশ্ন : অসমীয়া সাহিত্যৰ ‘Water Scott’ বুলি কাক জনা যায়?

উত্তৰ : ৰজনীকান্ত বৰদলৈ।

৩৯) প্ৰশ্ন : মহাত্মা গান্ধীয়ে অসমলৈ কোন চনত আহিছিল?

উত্তৰ : ১৯২১ চনত।

৪০) প্ৰশ্ন : আহোম সকলৰ ৰাজত্ব কালত তেওঁলোকৰ ৰাজধানী ক’ত আছিল?

উত্তৰ : চৰাইদেউত।

৪১) প্ৰশ্ন : অসমত ‘ল’ৰা ৰজা’ বুলি কাক কোৱা হৈছিল?

উত্তৰ : ৰত্নধ্বজ সিংহ বা চুলিক্‌ফা।

৪২) প্ৰশ্ন : কামৰুপ জিলাৰ বিমান বন্দৰটোৰ নাম কি?

উত্তৰ : লোকপ্ৰিয় গোপীনাথ বৰদলৈ।

৪৩) প্ৰশ্ন : অসমৰ ৰাজধানী দিছপুৰ হোৱাৰ পূৰ্বে অসমৰ ৰাজধানী ক’ত আছিল?

উত্তৰ : শ্বিলঙত।

৪৪) প্ৰশ্ন : অসমৰ একমাত্ৰ ‘ষ্টক এক্সেঞ্জ’ টো ক’ত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৪৫) প্ৰশ্ন : অসমৰ এটি নৃত্য বা কলাই ২০০০ চনত ৰাষ্ট্ৰীয় নৃত্যৰুপে স্বীকৃতি লাভ কৰে? নৃত্য বিধৰ নাম কি?

উত্তৰ : সত্ৰীয়া নৃত্য।

৪৬) প্ৰশ্ন : অসমৰ জাতীয় উৎসন কি?

উত্তৰ :বিহু।

৪৭) প্ৰশ্ন : অসমৰ বিখ্যাত মন্দিৰটোৰ নাম কি?

উত্তৰ : কামাখ্যা মন্দিৰ।

৪৮) প্ৰশ্ন : সৰ্বশেষ আহোম ৰজা জনৰ নাম কি আছিল?

উত্তৰ : চন্দ্ৰকান্ত সিংহ।

৪৯) প্ৰশ্ন : অসহযোগ আন্দোলন অসমত কোন চনত আৰম্ভ হৈছিল?

উত্তৰ : ১৯২০ চনত।

৫০) প্ৰশ্ন :প্ৰথম অসমীয়া খ্ৰীষ্টান মহিলা কোন?

উত্তৰ : নিধি লেভি ফাৰৱেল (Nidhi lavy Farwell)।

৫১) প্ৰশ্ন : প্ৰথম অসমীয়া বাতৰি কাকত ‘অৰুণোদই’ প্ৰথম বাৰ কোন চনত প্ৰকাশ পাইছিল?

উত্তৰ : ১৮৪৬ চনত।

৫২) প্ৰশ্ন : শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল?

উত্তৰ : ১৬৭১ চনত।

৫৩) প্ৰশ্ন : অসমৰ প্ৰথম পুৰুষ স্নাতক কোন আছিল?

উত্তৰ : আনন্দৰাম বৰুৱা।

৫৪) প্ৰশ্ন : অসমৰ ক্ষুদ্ৰতম জিলা খনৰ নাম কি?

উত্তৰ : হাইলাকান্দি।

৫৫) প্ৰশ্ন : তাৰকাগৃহ অসমৰ কোন ঠাইত অৱস্থিত?

উত্তৰ : গুৱাহাটীত।

৫৬) প্ৰশ্ন : অসমৰ কোন খন পাহাৰত কামাখ্যা মন্দিৰ অৱস্থিত?

উত্তৰ : নীলাচল পাহাৰত।

৫৭) প্ৰশ্ন : ব’হাগ বিহুৰ মুখ্য আকৰ্ষণ কি?

উত্তৰ : বিহু নৃত্য।

Cart
Back To Top
error: Content is protected !!