Skip to content

ASSAMESE SATHAR অসমীয়া সাঁথৰ

অসমীয়া সাঁথৰ – খণ্ড ১
অসমীয়া সাঁথৰ – খণ্ড ২
অসমীয়া সাঁথৰ – খণ্ড ৩
অসমীয়া সাঁথৰ – খণ্ড ৪
অসমীয়া সাঁথৰ – খণ্ড ৫

অসমীয়া সাঁথৰ – খণ্ড ১

(১) মাকে বৰশী বায়, পুতেকে সৰগ/আকাশলৈ চায় ?
উত্তৰ: – বাঁহ গছ আৰু বাঁহ গাজ ৷

(২) বগা বগা চাহাবে ক’লা-কলা/ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে ?
উত্তৰ: – জুইশলা ৷

(৩) হাবিত কাঁহে ওলাই নাহে ?
উত্তৰ: – কুঠাৰ ৷

(৪) এডাল খেৰে ঘৰটো বেৰে ?
উত্তৰ: – চাকি নাইবা মমবাতি ৷

(৫) আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ ?
উত্তৰ: – কুহিঁয়াৰ ৷

(৬) ৰজাৰ লাঠি , ঘন ঘন গাঠি ?
উত্তৰ: – কুহিয়াঁৰ ৷

(৭) এজনী কলী গাই , ঘাটে ঘাটে পানী খায় ?
উত্তৰ: – বৰশী ৷

(৮) খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল ?
উত্তৰ: – নাৰিকল ৷

(৯) এঠেঙীয়া বগলী,নিতৌ নাচে গধুলি ?
উত্তৰ: – বিচনী ৷

(১০) চিত পখিলা, চিত পখিলা ,তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা ?
উত্তৰ: – হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু ৷

(১১) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা ?
উত্তৰ: – জলকীয়া গছ মাক, আৰু জলকীয়া পুতেক ৷

(১২) মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই ?
উত্তৰ: – ৰেডিঅ’ ৷

(১৩) পেট আছে পেটু নাই, মুখ আছে জিভা নাই ?
উত্তৰ: – কলহ ৷

(১৪) দেশ আছে মানুহ নাই, নদী আছে পানী নাই ?
উত্তৰ: – মানচিত্ৰ ৷

(১৫) জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ ?
উত্তৰ: – নিমখ ৷

(১৬) ওপজিয়েই বুঢ়া হয় কোন ?
উত্তৰ: – বুঢ়া আঙুলি ৷

(১৭) উপি উপি বাটত আছে চুপি ?
উত্তৰ: – জোক ৷

(১৮) ঘৰৰ তলত/উপৰত ঘৰ, তাতে পৰি মৰ ?
উত্তৰ: – আঁঠুৱা ৷

(১৯) ওপৰৰ পৰা পৰিল টেকেলী, টেকেলীৰ পেটত/ভিতৰত এশ ভেকুলী ?
উত্তৰ: – কঁঠাল ৷

(২০) গছৰ ওপৰত গুটি,গুটিৰ ওপৰত গছ, ইনো কি নিলাজৰ সঁচ ?
উত্তৰ: – মাটিকঠাল ৷

(২১) মাটিৰ তলৰ বগা বুঢ়ী,সাজ পিন্ধে কুৰি কুৰি ?
উত্তৰ: – নহৰু ৷

(২২) নমতাকৈ বিয়া ঘৰৰ ৰভাতল ভৰিল,
বিয়াৰ পিছত কইনাজনী পানীত পৰি মৰিল ?
উত্তৰ: – পূজাৰ প্ৰতিমা ৷

(২৩) কাণত ধৰি নাকত বহে ?
উত্তৰ : – চশমা ৷

(২৪) পৰ্বতৰ টিঙত ক’লী গাই চৰে, দুই পৰ্বতে হেঁচা মাৰি ধৰে ?
উত্তৰ: – দুই নখেৰে মৰে ওকনী ৷

(২৫) আলিয়ে আলিয়ে যায়, মূৰ দাঙি চায় ?
উত্তৰ: – বেজী ৷

(২৬) ওপৰেদি উৰি যায়, নহয় শৰালি, থাপ মাৰি মাছ খায়, নহয় বৰালি ?
উত্তৰ : জাল ৷

(২৭) টুপ টুপ টুপলি পানী পালে মুকলি ?
উত্তৰ: – জাল ৷

(২৮) ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা ?
উত্তৰ: – ভূমিকম্প ৷

(২৯) এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা ?
উত্তৰ: – নাও ৷

(৩০) ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি ?
উত্তৰ : – জিভা ৷

(৩১) তিনি আখৰে মোৰ নাম সকলোৱে খায়, এটা আখৰ এৰি দিলে ফাটেকলৈ যায় ?
উত্তৰ: – মচুৰ ৷

(৩২) টিঁ টিঁ কৈ টিঞা, ককালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় ?
উত্তৰ: – বৰল ৷

(৩৩) ওপৰৰ পৰা পৰিল বাঘিনী, চাৰি ঠেং মেলি হ’ল গাভিনী ?
উত্তৰ : – আঠুৱা

(৩৪) এডাল মাৰলি দুখন চাল ?
উত্তৰ : – কলপাত ৷

(৩৫) গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয় ?
উত্তৰ: – যঁতৰ ৷

(৩৬) ৰজাৰ আলিবাট মেলিব পাৰি, জপাব নোঁৱাৰি ?
উত্তৰ: – চোতাল ৷

(৩৭) পাত আছে ডাল নাই, কথা আছে মাত নাই ?
উত্তৰ : – কিতাপ ৷

(৩৮) ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ ?
উত্তৰ: – আমৰলি পৰুৱা ৷

(৩৯) এনু এনু এনু, ধৰিবলৈ নাই ঠেনু ?
উত্তৰ: – কণী ৷

(৪০) লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত ?
উত্তৰ : – তামোল গছ ৷

(৪১) ওচৰা ওচৰিকৈ থাকে, দুয়ো যঁজা ভাই , একেলগে ফুৰে ,জগতখন চায়, ইজনে -সিজনক দেকা নাপায়, এইজননো কোন, কো‌ৱাচোন ভাই ?
উত্তৰ: – চকুযোৰ ৷

(৪২) দিনত ভৰি পৰে লৰা ছোৱালী , ৰাতি নাথাকে কোনো প্ৰাণী ?
উত্তৰ: – পঢ়াশালি ।

(৪২) কমাৰ ঘৰৰ ভাটি, বতাহ খাই উজান
ভাটি ?
উত্তৰ: – নাক ।

(৪৩) শদিয়ালৈ নাজাবা, সতফুল নখাবা, কেচাঁপাতত নাবান্ধিবা লোণ, উপজিয়ে লৰমাৰে কোন ?
উত্তৰ: – জেঠী ৷

অসমীয়া সাঁথৰ – খণ্ড ২

১. বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে, এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে — জুইশলা ৷

২. এজনী কলী গাই ঘাটে ঘাটে পানী খায় — বৰশী ৷

৩. হাবিত কাঁহে ওলাই নাহে — কুঠাৰ ৷

৪. দেশ আছে মানুহ নাই, নদী আছে পানী নাই — মানচিত্ৰ ৷

৫. ৰজাৰ ঘৰৰ ক’লী গাই ঘাটে ঘাটে পানী খায় — বৰশী ৷

৬. পাত আছে ডাল নাই, কথা আছে মাত নাই — কিতাপ ৷

৭. খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল — নাৰিকল ৷

৮. পেট আছে পেটু নাই, মুখ আছে জিভা নাই — কলহ ৷

৯. এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে — ঢেঁকী ৷

১০. ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি — জিভা ৷

১১. ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন — বুঢ়া আঙুলি ৷

১২. পেট আছে পেটু নাই, মুখ আছে জিভা নাই — কলহ ৷

১৩. এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি — বিচনী ৷

১৪. কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয় — বিড়ি ৷

১৫. মাকে বৰশী বায়, পুতেকে সৰগ চায় — বাঁহ গছ আৰু বাঁহ গাজ ৷

১৬. ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে — নাও ৷

১৭. মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি — নহৰু ৷

১৮. মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই — ৰেডিঅ’ ৷

১৯. কাণত ধৰি নাকত বহে — চশমা ৷

২০. মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা — জলকীয়া গছ (মাক) আৰু জলকীয়া পুতেক ৷

২১. উপি উপি বাটত আছে চুপি — জোক ৷

২২. ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি — ধঁপাত খোৱা হোকা-চিলিম ৷

২৩.গছৰ ওপৰত গুটি – গুটিৰ ওপৰত গছ — মাটিকঠাঁল ৷

২৫. ৰজাৰ ঘৰৰ কাকবাহঁ , তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে , কোনে কিমান লেখিব পাৰে — আকাশৰ তৰাবোৰ ৷

২৬.পৰ্বতৰ টিঙত ক’লী গাই চৰে; দুই পৰ্বতে হেঁচা মাৰি ধৰে — দুই নখেৰে মৰে ওকনী ৷

২৭. দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ , এখনেহে পাত — জিভা ৷

২৮. এডাল ইকৰা ঘন ঘন গাঁঠি; সাগৰতে পেলালে ময়ূৰ যেন পাখি — জাল ৷

২৯. এডাল খেৰে ঘৰটো বেঢ়ে — চাকি (বান্তি) ৷

৩০. টুপ টুপ টাপলি
পানী পালে মুকলি — জাল

৩১. মামাহঁতৰ বাৰীত গ’লোঁ
সোমাব পাৰিলোঁ
ওলাব নোৱাৰিলোঁ — চেপা

৩২. ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ,
পিছফালে দেখি আহিছোঁ
বাঁহৰ তলত ঘৰ — আমৰলি পৰুৱা

৩৩. আহোঁতে খুলিহে তৃপ্তি পায়
যাওতে মাৰি বাৰে বাৰে চায় ? — তলা ছাবি

৩৪. এনু এনু এনু,
ধৰিবলৈ নাই ঠেনু ? — কণী

৩৫. জন্ম অৱতাৰে মূৰত টুপী,
কৃষ্ণ অৱতাৰে ভুলাই গোপী,
ৰাম অৱতাৰে ৰাৱণ বধে ,
সেই তৰকাৰি ঘৰে ঘৰে — বাঁহগছ

৩৬. আই ঐ দেহী জহৰ মহৰ
কি পোকৰ টিকাত পোহৰ ? — জোনাকী পৰুৱা

৩৭. ওপৰত ছাটি
তলত গুটি।
তাক খাই আহিন কাতি । — কচু

৩৮. যিয়ে দিয়ে তাকে খায়।
পানী দিলে মৰি যায়। — জুই

৩৯. কাণত ধৰি
নাকত বহে ? — চশমা ( বিতচকু )

৪০. কাৰাক-কুৰুক কৰে,
হেণ্ডচেক কৰিলে বমি কৰে । — দমকল

৪১. হাতীৰ দাঁত,
কদমৰ পাত
ক’ব নোৱাৰিলে জানিম গোলামৰ জাত । — বেঙেনা গছৰ পাত আৰু ফল

৪২. চিত পখিলা..চিত পখিলা..
তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা — হালোৱা, আৰু দুটা গৰু

অসমীয়া সাঁথৰ – খণ্ড ৩

১)পৰ্বতৰ টিঙত ক’লী গাই চৰে; দুই পৰ্বতে হেঁচা মাৰি ধৰে।
উত্তৰঃ দুই নখেৰে মৰে ওকনী
২)দীঘলকৈ পুখুৰী, চুটিকৈ ঘাট; বত্ৰিশ জোপা কলগছ , এখনেহে পাত।
উত্তৰঃ জিভা
৩)এডাল ইকৰা ঘন ঘন গাঁঠি; সাগৰতে পেলালে ময়ূৰ যেন পাখি।
উত্তৰঃ জাল
৪)এডাল খেৰে ঘৰটো বেঢ়ে।
উত্তৰঃ চাকি (বন্তি)
৫)পেট আছে পেটু নাই, মুখ আছে জিভা নাই
উত্তৰঃ কলহ
৬) ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন।
উত্তৰঃ বুঢ়া আঙুলি
৭)উপি উপি বাটত আছে চুপি।
উত্তৰঃ জোক
৮)ওপৰত জুই, তলত পানী; বুঢ়াই থাকে টানি টানি।
উত্তৰঃ ধঁপাত খোৱা হোকা-চিলিম
৯)জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে,সেই তৰকাৰি ঘৰে ঘৰে।
উত্তৰঃ বাঁহ গছ
১০)ৰজাৰ ঘৰৰ কাকবাহঁ, তাতে পৰে ৰাজহাঁহ; ৰাজহাঁহে কণী পাৰে, কোনে কিমান লেখিব পাৰে।
উত্তৰঃ আকাশৰ তৰাবোৰ
১১) পাণ্ডৱ নহয় পঞ্চ ভাই, তাক কিন্তু মনুষ্যই খায়।
উত্তৰঃ ঔটেঙা
১২) ৰাজাথেৰ ক’লী গাই, এক পিয়ন দি মৰি যায়।।
উত্তৰঃ কলগছ
১৩) এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা।
উত্তৰঃ নাও
১৪) এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে।
উত্তৰঃ ঢেঁকী
১৫) ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি।
উত্তৰঃ জিভা
১৬) দিষ্টান দিওঁ বুজ, কিনা (কেঞা) আঙুলিৰ কুছ।
উত্তৰঃ নিচলা বা মিছামাছ
১৭) ছয় চৰণ, কৃষ্ণ বৰণ, আধা চিঙিলেও নাই মৰণ।
উত্তৰঃ পৰুৱা বা পিপৰা
১৮) এডাল খেৰে বৰ ঘৰটো বেৰে।
উত্তৰঃ চাকি বা লেম
১৯) এডাল হাড়, মঙহ কত ভাৰ।
উত্তৰঃ খেৰৰ পুঁজি
২০) ৰাজাৰ পুতেকে ভাত খায়, চাৰি কুকুৰে আছে চায়
উত্তৰঃ পীৰাৰ খুঁড়া চাৰিটা
২১) ডুবিয়াই যায়, ডুবিয়াই যায়, বগা নাৰীডাল উলিয়াই যায়।।
উত্তৰঃ বেজী
২২) আগ তিতা গুৰি মৌ , কি কৰিছা ভাবলি বৌ ।
উত্তৰঃ কুহিঁয়াৰ
২৩) নদী নলা শুকাই গল , গছৰ আগত পানী ৰস।
উত্তৰঃ নাৰিকল
২৪) মাকে বৰশী বায়, পুতেকে সৰগ চায়।
উত্তৰঃ বাঁহ গছ আৰু বাঁহ গাজ
২৫) ওপৰৰ পৰা পৰিল চিলা , গোটে গোটে মানুহ গিলা।
উত্তৰঃ চোলা
২৬) এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি।
উত্তৰঃ বিচনী
২৭) কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয়।
উত্তৰঃ বিড়ি
২৮) ইহে সিহে পিঠিৰে দৌৰ দিয়ে কিহে।
উত্তৰঃ নাও
২৯) মাটিৰ তলৰ বগা বুঢ়ী, সাজ পিন্ধে কুৰি কুৰি।
উত্তৰঃ নহৰু
৩০) মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই।
উত্তৰঃ ৰেডিঅ’
৩১) হাবিত কাঁহে ওলাই নাহে।
উত্তৰঃ কুঠাৰ
৩২) পাত আছে ডাল নাই, কথা আছে মাত নাই।
উত্তৰঃ কিতাপ
৩৩) গছৰ ওপৰত গুটি, গুটিৰ ওপৰত গছ, ইটো কি নিলাজৰ সঁচ।
উত্তৰঃ আনাৰস
৩৪) চাৰিও ভায়েকৰ কাণ কটা, তাৰে দুটাৰে পেট ফুটা।
উত্তৰঃ তাঁতৰ খুটা।
৩৫) তিনিকোণীয়া মাজত খাল, ঘাৰত ধৰি মাৰিবলৈ ভাল।
উত্তৰঃ জাকৈ
৩৬) ওৰে গাত কটা, ভিতৰত বহি মেল কৰে হাজাৰ লোকৰ বেটা।
উত্তৰঃ কঁঠাল
৩৭) সাহটো পেলাই বাকলিটো খায়, সেইটোনো কি ফল কোৱাচোন ভাই।
উত্তৰঃ ঔ
৩৮) ওপৰৰ পৰা পৰিল ধুম বোলে মাৰ গাটো শুং।
উঃ বেল ।
৩৯) নদ নদী শুকাই গল গছৰ ওপৰত পনী ৰল ।
উত্তৰঃ নাৰিকল
৪০) ইহৰ সিহৰ এটা দাঁত কিহৰ।
উত্তৰঃ উখনী বা ওখোন
৪১) এঙা, এঙা, এঙা, একেটা ঠানিতে পাঁচটা টেঙা।।
উত্তৰঃ হাত বা ভৰিৰ আঙুলি
৪২) মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা।
উত্তৰঃ জলকীয়া গছ (মাক) আৰু জলকীয়া পুতেক
৩৩) সৰগলৈ নাজাবা সতফুল নখাবা কেচাঁপাতত নাবান্ধিবা লোণ উপজিয়ে লৰমাৰে কোন।
উত্তৰঃ জেঠী
৪৪) খলপা খলপী গাটো, কোৱাচোন কি সেই টোঙাটো।
উত্তৰঃ ঔটেঙা
৪৫) দিনত ভৰি পৰে লৰা-ছোৱালী, ৰাতি নাথাকে কোনো প্ৰাণী।
উত্তৰঃ পঢ়াশালি
৪৬) ডোকা কালত আকাশ বোৱা, বুঢ়া কালত তলমুৱা।
উত্তৰঃ বাঁহ
৪৭) এক ঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।
উত্তৰঃ বিচনী
৪৮) বুড়ীৰ ঘৰৰ ভিজা কঁঠা, সেইখন নহলেই ডাঙৰ লেঠা।
উত্তৰঃ জিভা
৪৯) আহোঁতে খুলিহে তৃপ্তি পায়
যাওতে মাৰি বাৰে বাৰে চায় ?
উত্তৰঃ তলা চাবি
৫০) খাওঁতে খায় পেটো নভৰে মুখেও নাপায়।
উত্তৰঃ উজুটি
৫১) টুপ টুপ টাপলি
পানী পালে মুকলি।
উত্তৰঃ জাল
৫২) মামাহঁতৰ বাৰীত গ’লোঁ
সোমাব পাৰিলোঁ
ওলাব নোৱাৰিলোঁ।
উত্তৰঃ চেপা
৫৩) ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ,
পিছফালে দেখি আহিছোঁ
বাঁহৰ তলত ঘৰ।
উত্তৰঃ আমৰলি পৰুৱা
৫৪) নাম শুনিলেই বা মনত পৰিলে জিভাৰ পানী পৰে।
উত্তৰঃ টেঙা
৫৫) এনু এনু এনু,
ধৰিবলৈ নাই ঠেনু ?
উত্তৰঃ কণী
৫৬) কাৰাক-কুৰুক কৰে,
হেণ্ডচেক কৰিলে বমি কৰে।
উত্তৰঃ দমকল
৫৭) হাতীৰ দাঁত,
কদমৰ পাত
ক’ব নোৱাৰিলে জানিম গোলামৰ জাত।
উত্তৰঃ বেঙেনা গছৰ পাত আৰু ফল
৫৮) চিত পখিলা..চিত পখিলা..
তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা।
উত্তৰঃ হালোৱা, আৰু দুটা গৰু
৬৯) দিনে ৰাতি ঘূৰি থাকে চাবি নিদিলে ভাগৰি পৰে।
উত্তৰঃ ঘড়ী
৬০) শোষক বীৰৰ ভাই , মূৰ দুপিয়াই তেজ খাই।
উত্তৰঃ তেজপিয়া
৬১) কমাৰ ঘৰৰ ভাটি , বতাহ খায় উজান ভাটি।
উত্তৰঃ নাক
৬২) ৰজাৰ ঘৰৰ কালি গাই, ওক পিয়ন দি মৰি যায়।
উত্তৰঃ কল গছ
৬৩) বাৰীত কাহে, মাতিলে নাহে।
উত্তৰঃ কুঠাৰ
৬৪) এক ঠেঙীয়া বগলী, নিতে আছে গধূলী।
উত্তৰঃ ধুপ
৬৫) এজোৰ পক্ষী আছে কাকো কোনেওঁ নেদেখি।
উত্তৰঃ চকু
৬৬) উণ উণ উণ ধৰিবৰ নাই ঠুন।
উত্তৰঃ কণী
৬৭) ৰজাৰ ঘৰৰ কালি গাই ঘাটে ঘাটে পানী খায়।
উত্তৰঃ বৰশী
৬৮) উপি উপি উপি বাটতআছে চুপি।
উত্তৰঃ চিণাজোক
৬৯) ঘৰৰ তলত ঘৰ তাতে পৰি মৰ।
উত্তৰঃ আঁঠুৱা
৭০) এক ঠেঙীয়া বগলী, নিতৌ নাচে গধূলি।
উত্তৰঃ বিচনী

অসমীয়া সাঁথৰ – খণ্ড ৪

চুই চা চুই চা, চুই দিলে পইছা (কেৰেলুৱা)

ৰঙাকৈ বামুণটি খোজ কাঢ়ে খৰ, পিছফালে দেখি আহিছোঁ বাঁহৰ তলত ঘৰ (আমৰলি পৰুৱা)

টিঁ টিঁ কৈ টিঞা, কঁকালটি চিঞা; হনুমন্ত ভাই, মানুহ খেদি যায় (বৰল)

মাকে বৰশী বায়, পুতেকে সৰগ চায় (বাঁহ গছ আৰু বাঁহ গাজ)

মাক জুটুলী পুতুলী, পুতেক চোকা টেকেলা? (জলকীয়া গছ (মাক) আৰু জলকীয়া (পুতেক)

টুপ টুপ টুপলি, সময় গ’ল উকলি”/”টুপ টুপ টুপলি পানী পালে মুকলি (জাল)

বগা বগা চাহাবে ৰঙা-ক’লা টুপি পিন্ধে,এক ঘোচা মাৰি দিলে জ্বলি-পকি উঠে (দিয়াচলাই (জুইশলা)

কাণত ধৰি নাকত বহে? (বিতচকু, চশমা)

এজনী কলী গাই ঘাটে ঘাটে পানী খায়? (বৰশী)

ওপৰৰ পৰা পৰিল বাঘিণী, চাৰি ঠেং মেলি হ’ল গাভিনী (আঁঠুৱা)

কি বস্তু টানিলে চুটি হয় নাটানিলে দীঘল হয়? (বিড়ি)

কি বস্তু কাটিলে দীঘল হয়? (নলা (drain))

চিত পখিলা..চিত পখিলা..তিনি মূৰ দহ ঠেঙ ক’ত দেখিলা (হাল বাওঁতে, হালোৱা, আৰু দুটা গৰু)

এডাল মাৰলি দুখন চাল, নবন্ধাকৈ থাকে সৰ্বতিকাল (কলাপাত)

হাবিত কাঁহে ওলাই নাহে (কুঠাৰ)

ৰজাৰ লাঠী ঘন ঘন গাঁঠি (কুঁহিয়াৰ)

এঠেঙীয়া বগলী, নিতৌ নাচে গধূলি (বিচনী)

এডাল খেৰে ঘৰটো বেৰে (চাকি নাইবা মমবাতি)

ৰজাৰ বাৰীলৈ গলো, ফুল দেখি চমক খালো, ফুললৈকে মেলিলো হাত, ফুল গ’ল ১৮ হাত (জোনাকী পৰুৱা)

আগ তিতা গুৰি মৌ, কি কৰিছা ভাবুলী বৌ (কুহিঁয়াৰ)

ওপজিয়ে লৰ মাৰে কোন (‘জেঠী পোৱালি)

ওপজিয়ে জপিয়ায় কোনে? (আখৈ)

এনু এনু এনু, ধৈইৰবান্নাই ঠেনু (ডিমা/কণী (নলবাৰী অঞ্চলত প্ৰচলিত)

মাত আছে মানুহ নাই, ঘৰ আছে দুৱাৰ নাই/ঘৰ আছে দুৱাৰ নাই,মাত আছে মানুহ নাই (ৰেডিঅ’)

উপৰোৰ পাই পৰিল টেকলী, টেকলীৰ ভিতৰোত সাতগাণ্ডা ভেকুলী (কঁঠাল (নলবাৰী অঞ্চলত প্ৰচলিত)

কনকৰ নকৰ কাটি পাঠাৰ কাটি পা, লবংগৰ বংগ কাটি নাচি নাচি খা/লবংগৰ বংগ কাটি মজা মাৰি খা (কঁঠাল)

জলত জন্ম স্থলত বাস, মাকে চুলে হয় সৰ্বনাশ? (নিমখ)

পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ)

তিনিফালে তিনিজন, মাজতে নিৰঞ্জন, নিৰঞ্জনে কণী পাৰে কোনে কিমান খাব পাৰে? (চৌকা)

ওপজিয়েই বুঢ়া হয় কোন, নিকিনিলেও কিনা হয় কোন (বুঢ়া আঙুলি, কিনা (কেঞা) আঙুলি)

এক জোপা হন্যা,তাতেই আছে বন্যা,হন্যাই কণী পাৰে কোনে কিমান গণিব পাৰে? (ওকণি)

গুণ গুণ কৰে কিন্তু ভোমোৰা নহয়, লগুণ আছে কিন্তু বামুণ নহয়? (যঁতৰ)

আমাৰ ঘৰত এজনী বুঢ়ী আছে, যাওঁতে এগোৰ, আহোঁতে এগোৰ? (দুৱাৰডলি)

ৰজাৰ আলিবাট, তিয়াব পাৰি শুকুৱাব নোৱাৰি (জিভা)

দুই গছৰ গছৰ দুই ঠাল কজিয়া কৰি হয় লাল? এই সাঁথৰটোৰ উত্তৰ কি? (তামোল-পান)

ইয়াতে মাৰিলো টিপা, গড়গাঁও পালেগে শিপা (ভূঁইকপ/ অনাতাঁৰ)

কৈ মৰিল কোন, নকৈ মৰিল কোন, দি মৰিল কোন, নিদি মৰিল কোন (কৈ মৰিল জটায়ু (সীতাৰ বাৰ্তা ৰামক), নকৈ মৰিল জয়মতী (গদাপাণিৰ কথা ল’ৰা ৰজাক), দি মৰিল দধিচী (বৃত্ৰাসুৰ বধৰ বাবে নিজৰ হাড়), নিদি মৰিল দুৰ্যোধন (ৰাজ্য পাণ্ডৱক)

উপি উপি বাটত আছে চুপি (জোক)

ৰজাৰ আলিবাট মেলিব পাৰি জপাব নোঁৱাৰি (চোতাল)

পেট আছে পেটু নাই, মুখ আছে জিভা নাই (কলহ/টেকেলী )

কাৰাক-কুৰুক কৰে, হেণ্ডচেক কইল্লি বমি কৰে (দমকল/টিউবেল)

খাল বিল শুকাই গ’ল, গছৰ আগত পানী ৰ’ল (নাৰিকল)

য’লৈ যোৱা মোক লগত লৈ যোৱা (ছাঁ/ছাঁয়া)

নদী আছে পানী নাই, চহৰ আছে মানুহ নাই (মানচিত্ৰ)

ঘৰৰ ভিতৰত ঘৰ, তাতে পৰি মৰ (আঁঠুৱা)

ক’লৈ যোৱা মোক মাৰি থৈ যোৱা (দুৱাৰ)

লিকি লিকি ডিমৰু চিকি চিকি পাত, পালেং বাবৰি ওঠৰ হাত (তামোল গছ)

লিকি লিকি ডিমৰু চিকি চিকি পাত, সূৰুযমুখে যাব লাগে ছয় মাহৰ বাট৷ (তামোল গছ)

আহিছ আহ ,যাৱ কেলেই , গৈছ যা , আহ কেলেই (কেচুঁৱাৰ দাঁত)

ইলিলিৎ চৰাইটোৱে বিলিলিৎ কৰে,সাগৰ দেখিলে পাংখা মেলে (জাল)

জন্ম অৱতাৰে মূৰত টুপী, কৃষ্ণ অৱতাৰে ভুলাই গোপী, ৰাম অৱতাৰে ৰাৱণ বধে ,সেই তৰকাৰি ঘৰে ঘৰে (বাঁহ গছ )

এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে। (ঢেঁকী)

এটা মাছৰ দুখন ফিচা, বুৰ মাৰিলেই সকলো মিছা। (নাও)

এক মাতৃৰ গৰ্ভত বহু পুত্ৰৰ সন্তান, মাতৃৰ গালত আঘাত কৰি পুত্ৰই এৰে প্ৰাণ। (জুইশলা)

কেঁচাতে লুথুপথুপ পকিলে টান, দিকচৌ দূৰলৈ তোক লৈ যাম। (পকী বাট)

পাও,পিঠি, চকু,কান,নাক,নাই ইতো আকো কি,কোৱা চোন ভাই (মানুহ)

অসমীয়া সাঁথৰ – খণ্ড ৫

পানী আছে মাছ নাই, জংঘল আছে বাঘ নাই ?
উত্তৰঃ নাৰিকল।

আদি আছে অন্ত নাই, জন্ম আছে মৃত্যু নাই কি ?
উত্তৰঃ সময় ।

কি পাতৰ আগ নাই ?
উত্তৰঃ টিনপাত।

খালে থিয় হৈ থাকে, নাখালে শুই থাকে ?
উত্তৰঃ বস্তা।

১২ টা কণী, ৩ খন চামুচ আৰু এখন প্লেট। কোৱাচোন মই কোন ?
উত্তৰঃ ঘড়ী।

আপোনাৰ এনে এটা বস্তু আছে, যিটো আপোনাতকৈ বেলেগে হে বেছি ব্যৱহাৰ কৰে, বস্তুটো কি ?
উত্তৰঃ আপোনাৰ নাম।

এখন ৰুমালৰ চাৰিটা কোণৰ তিনি কোণ কেচিৰে কাটি পেলালে কেইটা কোন থাকিব ?
উত্তৰঃ ৬ টা। কিয়নো এটা কোণ কাটিলে দুটা কোণ উৎপন্ন হ’ব।

ওপৰত দিয়ে, তললৈ যায়, তাকে উলিয়াই, মানুহে খায়।
উত্তৰঃ পানীৰ ফিল্টাৰ।

কওঁকচোন সেইটো কি, যিটো আপোনাৰ গাতে লাগি থাকে, দেখাও পায় কিন্তু চুব নোৱাৰে ?
উত্তৰঃ ছাঁ।

ওপৰৰ পৰা পৰিল লাটিম লাটিমে বোলে, কিয় ফাটিম?
উত্তৰঃ কঠালঁ।

মামা হঁতৰ ক’লী গাই ঘাটে ঘাটে পানী খায়।
উত্তৰঃ বৰশি।

ঘৰ আছে, দুৱাৰ নাই মাত আছে, মানুহ নাই ?
উত্তৰঃ ৰেডিঅ।

ক’লা ক’লা পখীটো,ক’লা বনত চৰে, দুই পৰ্বতে হেঁচা মাৰিলে, ক’লা পখীটো মৰ ?
উত্তৰঃ একটি।

ঘৰৰ ওপৰত ঘৰ তাতে পৰি মৰ ?
উত্তৰঃ আঠুৱাঁ।

ইয়াতে মাৰিলোঁ টিপা গঁড়গাও পালেগৈ শিপা ?
উত্তৰঃ ভুমিকম্প।

এডাল খেৰে ঘৰটো বেঢ়ে ?
উত্তৰঃ জুই।

কি ফল মিঠা কিন্তু বজাৰত বিক্ৰী নহয় ?
উত্তৰঃ কষ্টৰ ফল।

কি হয় সেইটো, যিটো আপোনাৰ ওচৰত যিমান বেছিকৈ থাকে, সিমানেই আপুনি চকুৰে নেদেখা হৈ পৰে ?
উত্তৰঃ আন্ধাৰ।

জুইত ফুটে পানীত মৰে, সেই বস্তু সকলো ঘৰে ঘৰে ?
উত্তৰঃ নিমখ।

লাগিলে পেলাই দিয়ে, নালাগিলে উথাই থয় ?
উত্তৰঃ চাইকেলৰ ষ্টাণ্ড।

সেইটো কি হয় যিটো মাহত এবাৰ আহে, কিন্তু ২৪ ঘন্টাৰ পাছত গুছি যায় ?
উত্তৰঃ তাৰিখ।

তিনি আখৰত মোৰ নাম, প্রশ্ন সোধাই প্রথমৰ কাম দ্বিতীয় তৃতীয়ই মিলি বুজাওঁ গৰম। পাৰিবানে ক’ব কিনো মোৰ নাম ?
উত্তৰঃ কিতাপ।

কাণন ধৰি নাকত বহে ?
উত্তৰঃ চশমা।

আহিছে বাৰু মোৰ জন্মৰ পাছত, কিন্তু গুচি যায় গৈ মৃত্যুৰ আগত ?
উত্তৰঃ দাঁত।

এটা নিগনি এশ ধান কুটে, নেগুৰত ধৰিলে জাপমাৰি উঠে ?
উত্তৰঃ ঢেকী।

এঠেঙীয়া বগলী, নিতৌ নাচে গধুলি ?
উত্তৰঃ বিচনী।

পানী থাকিলে বগলী জীয়ে, পানী শুকাই গলে বগলী মৰে ?
উত্তৰঃ চাকি।

কি ড্ৰাইভাৰে গাড়ী নচলায় ?
উত্তৰঃ স্ক্ৰুড্ৰাইভাৰ।

হাতী দাঁত কদমৰ পাত ভাঙিব নোৱাৰিলে গোলামৰ জাত ?
উত্তৰঃ মূলা।

আহোঁতে খুলিহে তৃপ্তি পায়, যাওতে মাৰি বাৰে বাৰে চায় ?
উত্তৰঃ তলা ছাবি।

আছেনে এনে আচৰিত জীৱ, যি নাখায় মুখেৰে পানী ?
উত্তৰঃ ভেকুলী।

আমাৰ লগত থাকে সদায়, কেতিয়াও নকৰে কামত সহায়, বিপদত পৰিলেও উভতি নাচায় ?
উত্তৰঃ ছাঁ।

এটা ফল দিনত পকে, এটা পকে ৰাতি, এইকেইটা কি ফল কোৱাচোন ভাবি-চিন্তি ?
উত্তৰঃ বেলি আৰু জোনবাই।

এনেকুৱা কি আছে আমি যিমান খালেওঁ পেট নভৰে ?
উত্তৰঃ উজুতি।

এনেকুৱা কি আছে, যি জুনত আছে, জানুৱাৰিত নাই, জুইত আছে, পানীত নাই ?
উত্তৰঃ গৰম।

এবাৰেই মাথোন পেটভৰাই খায়, তাৰপাছত জীৱনভৰ আৰামত শুই কটায় ?
উত্তৰঃ লেপ বা তুলি।

ওপৰেও হাড়, তলেও হাড়, মাজত পাখি, খাব নোৱাৰি থৈছো ৰাখি ?
উত্তৰঃ জাপি।

কি বল খেলিব নোৱাৰি ?
উত্তৰঃ মনোবল।

শাহটো পেলাই বাকলিটো খায়, সেইটোনো কি বস্তু কোৱাচোন ভাই ?
উত্তৰঃ ঔ টেঙা।

সৃষ্টিৰ দিনৰ পৰা আছোঁ মই,
থাকিম সদায় বোধ হয়,
সময় বিশেষে দীঘল-চুটি হয়।
এপিঠি বগা এপিঠি ক’লা,
সাধাৰণ কি ধনী লোকেও নাপায় তলা-নলা।
উত্তৰঃ দিন-ৰাতি।

সেইটো কি যিটো বাঢ়ি গৈ থাকে আৰু কেতিয়াওঁ কমাব নোৱাৰি ?
উত্তৰঃ বয়স।

সোণৰ গুটি, ৰূপৰ পাত, আগবঢ়ালে মাৰ্জ্জনা হয়, শত অপৰাধ ?
উত্তৰঃ তামোল-পাণ।

হাত আছে ভৰি নাই,
মূৰ হলে কটা,
আধা মানুহ গিলি খায়,
বুকুখন ফটা ?
উত্তৰঃ চাৰ্ট বা চোলা।

দাঁত নাই, মুখ নাই, পকাই-কেচাই ফৰ ফৰকৈ খায় ?
উত্তৰঃ জুই।

তিনিটা আখৰে এটা জন্তুৰ নাম,
প্রথম দুটা মিলি এজন ল’ৰাৰ নাম,
শেষৰ দুটা মিলি এজনী ছোৱালীৰ নাম।
জন্তুটো কি জানেনে ?
উত্তৰঃ হৰিণা।

ঢাপে ঢাপে গলো,
ঢাপলিকা চৰাইটি পালো,
তাকে কুটি-বাচি থৈ,
ছমাহলৈ খালো ?
উত্তৰঃ বাঁহ গাজ।

ডিঙি নাই মূৰ নাই জলচৰী বাই,
এবাহ পোৱালি দি নিজে মৰি যায় ?
উত্তৰঃ কেঁকোৰা।

জিভাৰে চেলেকি যায় তিনিৰ মাজত সদায়,
মানুহক দিয়ে সি জীয়াই থকাৰ উপায় ?
উত্তৰঃ নাঙল।

চাৰিওফালে চাৰি খুটা,
মাজতে আছে মেৰেলা পেটা,
দুই বিছনীয়ে বিচি থাকে,
লেৰেলা সাপে নাচি থাকে ?
উত্তৰঃ হাতী।

চকু আছে দেখা নাপায়,
কান আছে শুনা নাপায়
মুখ আছে খাব নোৱাৰে ?
উত্তৰঃ পুতলা বা প্ৰতিমা।

গৰু নহয় কিন্তু ঘাঁহ খায়,
পক্ষীয়ো নহয় কিন্তু উৰি যায় ?
উত্তৰঃ ফৰিং।

মাটি ফুটি ওলাল হাতী, কুলাহেন কাণ,
মুখেৰে পোৱালী জগায়, হে ভগৱান ?
উত্তৰঃ কলগছ।

মই থাকো লগত,
ঘুৰি ফুৰোঁ জগত,
বাৰ্তা গোটাই দিওঁ লোকক,
পাৰিবানে কব মই কোন ভকত ?
উত্তৰঃ মোবাইল ফোন।

মনে মনে চুকত বহোঁ,
পৃথিৱীখন ভ্ৰমি ফুৰোঁ ?
উত্তৰঃ ডাক টিকট।

বাৰটা মাহত তেৰটা মাত,
থম্ থম্ কৈ বহি থাকে চকুটেলেকাৰ জাত ?
উত্তৰঃ ফেঁচা।

পানীৰ মাজেদি অবাধে চলিল,
বুৰ মাৰোতে গা নিতিতিল,
ই কি জীৱ গৰালত থাকে,
বহল ঠোঁটেৰে চিকাৰ কৰে ?
উত্তৰঃ হাঁহ।

অসম দেশৰ বিষম কথা, কি গছৰ পাত গোটা ?
উত্তৰঃ পিয়াজ।

এজনী চেৰেলী গাই, সাতখন পথাৰৰ ধান খায় ?
উত্তৰঃ কাচি।

মই ভাত পানীও নাখাওঁ, দৰমহাও নলওঁ;
তথাপিও আপোনাৰ ঘৰৰ সম্পূৰ্ণ পহৰা দিওঁ,
কওঁকচোন মই কোন ?
উত্তৰঃ তলা-চাবি।

 

Cart
Back To Top
error: Content is protected !!