Skip to content

ASOMIYA BHASHA JOGOT SOBHALOI JABO অসমীয়া ডেকাৰ উক্তি লেখক: জ্যোতিপ্ৰসাদ আগৰৱালা

অসমীয়া ডেকাৰ উক্তি
লেখক: জ্যোতিপ্ৰসাদ আগৰৱালা

শক্তি পুত্ৰ মই
ভক্তি বুকুত লই
মুক্তি প্ৰয়াসী হই
অৰ্জ্জুন মই, গাণ্ডীবী মই,
ময়েই ধনঞ্জয়— মৃত্যু কৰিছোঁ জয় ;
ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা ল’ৰা অগ্নিময় ৷
ময়ে ভাৰতৰ নবীন সূৰ্য্য
পূৰ্ব্বাচলত বজাওঁ তূৰ্য্য্
মোৰ পোহৰৰ গানে
আকাশে আকাশে, দেশে মহাদেশে
মুগ্ধ কৰিব আলোক যাত্ৰী
শেষ হ’ব শেষ নোহোৱা ৰাত্ৰি
কৰিম জগত জয়
নবীন সূৰ্য্য মই ৷

উপচি আহিব পোহৰৰ ধল
লুইতৰ দৰে ফেনে – ফোটোকাৰে
ফেনিল শুভ্ৰ জ্যোতি – প্ৰপাতৰ জল ৷
হাতীপটীয়েদি ঐৰাবাটেদি
কত নগৰৰ আলি–গলিয়েদি
কত মেধাবীৰ মহামনীষীৰ
মনৰ মাজেদি
কবীন্দ্ৰ জিনি হ’ম
মহামনীষাৰ মহাসাগৰত ৰ’ম ৷

মই লিখা গানে
আলোকে আলোকে
নতুন বাতৰি কৈ,
আলোকৰ এক মহাসঙ্গীত
তুলিব পৃথিৱীময় ৷
তেজ-মঙহৰ
মাতৃজনাৰ
কোলাত জনম লৈ,
দেশ-জননীৰ মহান কোলাত
লীন হৈ যাওঁ মই ৷

উদয় শৈল-গৰ্ভ বিদাৰি
অৰুণ দীপ্তিময়
ব্যাপে যেনেকৈ
গ্ৰাম-মহাগ্ৰাম
পৃথিৱীময়,

ক্ৰমে ক্ৰমে ক্ৰমে
উঠি উদ্ভাসি
সিঁচি যাওঁ মই
কিৰণৰাশি
ৰঙচুৱা হৈ সন্ধিয়া
সোণালীকৈ ৷

মৃত্যুসাগৰ পাৰ হৈ যাওঁ
নতুন পুৱাৰ নতুন বাতৰি লৈ
নতুনৰ জ্যোতি হৈ,
থৈ যাওঁ মই পৃথিৱী ধুনীয়াকৈ
জনমে জনমে ঘূৰি ঘূৰি আহোঁ
মোৰ স্বদেশলৈ ৷
ময়েই ধনঞ্জয়—-
ময়ে অসমৰ
ময়ে ভাৰতৰ
ময়ে ডেকা ল’ৰা অগ্নিময় ৷
ময়ে কাৰুকৰ
ময়ে খনিকৰ
ময়েই চিত্ৰকৰ
গঢ়ি যাওঁ মনোহৰ,
সুৰ অপৰূপ
কত নৱৰূপ
ময়েই ৰূপকোঁৱৰ ৷
ময়েই স্বদেশ
ময়েই বিদেশ
মই নানা দেশ
সাতো মহাদেশ
সাতোবাৰ ঘূৰি-ফুৰি,
জ্ঞানৰ মাণিক-মুকুতা আনিম
অঞ্জলি ভৰি ভৰি ৷

কামৰূপা মোৰ
সুৱদিসুৰীয়া
অসমীয়া ভাষা
জগত-সভালৈ যাব,
উজ্জ্বল
সুজ্জ্বল
কহিনুৰ পিন্ধি
হাঁহি জ্যোতিৰূপা হ’ব ৷

ময়ে অসমীয়া
প্ৰাগ্জ্যোতিষৰ,
ময়ে অসমীয়া শোণিতপুৰৰ
নবীন যুগৰ
কুমাৰ ভাস্কৰ মই,
ময়ে অসমীয়া শৰাইঘাটৰ
চোকা-তৰোৱাল লওঁ লাচিতৰ,
মোমাইতামুলী গড়
দুৰ্জ্জয় অগ্নিগড় ময়েই
নাই মোৰ সমসৰ ৷

ময়েই খাছীয়া
মই জয়ন্তীয়া
ডফলা-আবৰ-অঁকা,
ময়ে চিংফৌ
ভৈয়ামৰ মিৰি
সোৱণশিৰীয়া ডেকা,
বিজয়ী আহোম কছাৰী-কোঁচৰ
মেছৰ কুমাৰ মই
ৰাজবংশী ৰাভা
কপালত জ্বলে শত গৌৰৱ আভা ৷

মই—
লালুং-চুটিয়া
লুচাই-মিকিৰ-গাৰো,
মিছিমি-খাম্তি
নগা-আঙ্গামী বীৰ,
পৰ্ব্বতে-পাহাৰে
জ্বলিছে উচ্চ শিৰ ৷

সাম্য-মৈত্ৰীৰ ময়েই ৰণুৱা
চাহ-বাগিচাৰ ময়েই বনুৱা
ন-অসমীয়া মৈমনছিঙীয়া
থলুৱা নেপালী
নৃত্য-কুশলী মণিপুৰীয়া মই ৷

মই—
কত পৰ্ব্বতৰ
কত ভৈয়ামৰ
শত নিজৰাৰ ধাৰ,
হিলদল ভাঙি
ৰৈ আহি আহি
বৰলুইতত
হৈ যাওঁ একাকাৰ ৷

মই—
যন্ত্ৰযুগৰ মোহন মন্ত্ৰ ল’ম
মন-বিমানৰ ময়েই সাৰথি হ’ম,
বিজুলী-ৰথৰ মহাৰথী মই
জীৱনৰ ৰণ্জিৎ
বিদাৰিম মই সমাজতন্ত্ৰ
ৰচিম নতুন মানৱ-তন্ত্ৰ
বিজ্ঞান স্বৰ্গজিৎ
মই জ্ঞানৰ ইন্দ্ৰজিৎ
মই ধৰিছোঁ নতুন ৰূপ
জ্বালি নৱজীৱনৰ ধূপ
আলোকৰ শিখা লিখি কপালত
থিয় হলোঁ মই নীলাচলত
অবিচলিত হৈ
অসমীয়া ডেকা মই ৷
আকাশীনেত্ৰে বিশ্বজগত চাই
হুঙ্কাৰি মই ঘোষিলোঁ অধিকাৰ
মই যে শক্তিমান,
তূণ ভৰি ললোঁ দিব্য অস্ত্ৰ
পিন্ধি ললোঁ মই ত্যাগৰ বস্ত্ৰ
সন্ধান মোৰ নহয় ব্যৰ্থ
সব্যসাচি ধৰিলোঁ ধনুৰ্ব্বাণ

ময়েই হিন্দু
ময়েই মুছলমান
ময়েই ন-জোৱান ৷
মোৰ ভগৱান মন্দিৰে-মছ্জিদে
ভগৱান মোৰ নামঘৰে ঘৰে
অন্তৰে বাহিৰে,
মোৰ ভগৱান নৈয়ে বনে বনে
গীতা-কোৰাণেৰে, বাইবেলেৰে
কত গ্ৰন্থেৰে মই
সকলো ধৰ্ম্মৰ মৰ্ম্ম
বুকুত লৈ,
প্ৰণমিছোঁ মই
প্ৰাৰ্থনা-নামাজ
লোৱাহে জ্যোতিৰ্ম্ময় !
জয় তোমাৰেই
জয় তোমাৰেই
জয় তোমাৰেই
জয় ৷

 

Cart
Back To Top
error: Content is protected !!