ASSAM STATE ANTHEM অসমৰ জাতীয় সংগীত
অসমৰ জাতীয় সংগীত
ৰচক – সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা
অ’ মোৰ আপোনাৰ দেশ
অ’ মোৰ চিকুণী দেশ
এনেখন শুৱলা
এনেখন সুফলা
এনেখন মৰমৰ দেশ।
অ’ মোৰ সুৰীয়া মাত
অসমৰ সুৱদী মাত
পৃথিৱীৰ ক’তো বিচাৰি জনমটো
নোপোৱা কৰিলেও পাত।
অ’ মোৰ ওপজা ঠাই
অ’ মোৰ অসমী আই
চাই লওঁ এবাৰ মুখনি তোমাৰ
হেঁপাহ মোৰ পলোৱা নাই।।
Related posts:
























Related posts:























