Skip to content

ASSAMESE MOVIE QUIZ অসমৰ চলচ্চিত্ৰ কুইজ

১. অসমৰ প্ৰথম দূৰদৰ্শন কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
– ১৯৮৫ চন ৷

২. অসমৰ প্ৰথম অসমীয়া চলচ্চিত্ৰৰ নিৰ্মাতা গৰাকী কোন?
– জ্যোতিপ্ৰসাদ আগৰৱালা ৷

৩. কোন চনত জ্যোতি চিত্ৰাবন স্থাপিত হয় ?
– ১৯৬৮ চন ৷

৪. প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
– জয়মতী (১৯৩৫) ৷

৫. কথাছবি ৰূপ দিয়া প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
– মনোমতী ৷

৬. প্ৰথম অসমীয়া সম্পূৰ্ণ ৰঙীণ চিনেমা খনৰ নাম কি ?
– ভাইটি (১৯৭২)

৭. প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূলনায়িকা গৰাকী কোন আছিল ?
– আইদেউ সন্দিকৈ ৷

৮. অসমত প্ৰথম অনাতাঁৰ কেন্দ্ৰ কিমান চনত স্থাপিত হৈছিল ?
– ১৯৪৮ চনত ৷

৯. স্বৰ্ণকমল বটাঁ প্ৰাপ্ত প্ৰথম অসমীয়া চলচ্চিত্ৰখনৰ নাম কি ?
– হালধীয়া চৰাইয়ে বাওধান খায়, পৰিচালক জাহ্নু বৰুৱা (১৯৮৭ চন) ৷

১০. চামেলি মেমচাব কথাছবিখনৰ সংগীত পৰিচালক কোন ?
– ড০ ভূপেন হাজৰিকা ৷

১১. শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা প্ৰাপ্ত প্ৰথম অসমীয়া ছবিখনৰ নাম কি ?
– আব্দুল মজিদ পৰিচালিত চামেলী মেমচাব ৷

১২. ৰাষ্ট্ৰপতিৰ পদক পোৱা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
– নিপ বৰুৱাৰ পৰিচালিত ৰঙা পুলিচ ৷

১৩. ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
– এৰা বাটৰ সুৰ ৷

১৪. ৰাষ্ট্ৰীয় সন্মান লাভ কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি ?
– পিয়লি ফুকন ৷

১৫. অসম ৰাজ্যিক চলচ্চিত্ৰ ষ্টুডিঅ কোন ঠাইত আছে ?
– গুৱাহাটী (কাহিলীপাৰাত) ৷

Cart
Back To Top
error: Content is protected !!